আগৰতলা , 12 ছেপ্তেম্বৰ :ত্ৰিপুৰাৰ চুৰাইবাৰী অঞ্চলত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰাসামগ্ৰীৰ চোৰাং ব্যৱসায়এক অসাধু ব্যৱসায়ী চক্ৰৰ বাবে ধন ঘটাৰ সহজ উপায় হৈ পৰিছে ৷ ত্ৰিপুৰাৰ আভ্যন্তৰীণ বাণিজ্যৰ কৰিডৰ হিচাপে বিবেচিত চুৰাইবাৰী এতিয়া এই অসাধু ব্যৱসায়ীসকলৰ বাবে চোৰাং ব্যৱসায় চলোৱাৰ ৰম্যভূমিত পৰিণত হৈছে ৷ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, পেট্ৰ'লৰ মূল্যবৃদ্ধিৰ পাচতে চোৰাং ব্যৱসায়ীসকলে তেলৰ ক’লা বজাৰত অধিক গুৰুত্ব আৰোপ কৰিছে ৷ বেছিভাগ তেল কঢ়িওৱা টেংকাৰ এই পথেৰে ত্ৰিপুৰাত প্ৰৱেশ কৰে আৰু গাড়ী চালকসকলৰ সহযোগত তেলৰ ক’লা ব্যৱসায়ীসকলে টেংকাৰসমূহৰ পৰা তেল চুৰ কৰি তেলৰ ঠাইত কেৰাচিন ভৰোৱা কাম কৰি আহিছে ৷
জানিব পৰা মতে, চুৰাইবাৰী চেক প'ষ্টেৰে প্ৰৱেশ কৰাৰ পাচত ট্ৰাকবোৰ প্ৰেমতলা অঞ্চলত লগ হয় ৷ প্ৰথমে তেলৰ টেংকবোৰ এটা নিৰ্দিষ্ট অংশলৈ খালী কৰা হয় আৰু তাৰ পাচতে খালী ঠাইসমূহ কেৰাচিনেৰে পুনৰ ভৰ্তি কৰা হয় ৷ পানীৰ পাম্প ব্যৱহাৰ কৰি বন্ধ টেংকাৰসমূহৰ পৰা তেল উলিওৱাৰ ব্যৱস্থা কৰা হয় ৷ অৱশ্যে সকলোবোৰ জনা স্বত্বেও এই চুৰিৰ ওপৰত নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে কোনো কাৰ্যকৰী পদক্ষেপ লোৱা নাই ৷ অভিযোগ অনুসৰি, কোনো কোনো সময়ত আৰক্ষীয়ে এই অঞ্চলসমূহত তহল দিয়াও পৰিহাৰ কৰে ৷
লগতে পঢ়ক :ত্ৰিপুৰাৰ বিক্ষিপ্ত ঘটনাৰ বাবে মানিক সৰকাৰক দোষাৰোপ মুখ্যমন্ত্ৰীৰ