নিউজ ডেস্ক, 12 জানুৱাৰী : বিপ্লৱৰ বিশ্বপ্ৰতীক চে গুৱেভাৰা (Che Guevara)৷ সম্পূৰ্ণ নাম আৰ্নেস্তো চে গুৱেভাৰা ৷ সুদীৰ্ঘ 25 টা বছৰৰ পিচত আৰ্জেণ্টিনাৰ মাৰ্ক্সবাদী বিপ্লৱীগৰাকীৰ জীয়াৰী আহিব কলকাতালৈ (Aleida Guevara to visit Kolkata)৷ গুৱেভাৰাৰ নাতিনী এষ্টেফানিয়া গুৱেভাৰাও(Estefania Guevara) আহিব মাতৃ আলেইদা গুৱেভাৰাৰ সৈতে ৷
তেওঁলোকে 20 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈকে দুদিন পশ্চিম বংগতে কটাব ৷ ৰাজ্যখনৰ বাওঁপন্থী দলসমূহে এক বিশেষ সম্বৰ্ধনা জনাব ৷ চিপিআইএমৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ এক সূত্ৰই জনোৱা অনুসৰি ৰাজ্যখনৰ কেৱল বাওঁপন্থীসকলেই নহয়, আন বহুতে আদৰণি জনাব চে গুৱেভাৰাৰ জীয়াৰী আৰু নাতিনীক ৷
চিপিআই(এম)ৰ ৰাজ্যিক কাৰ্যালয়ৰ সূত্ৰ অনুসৰি আলিমুদ্দিন ষ্ট্ৰীটৰ মুজাফ্ফৰ আহমেদ ভৱন, আলেদা আৰু এষ্টেফানিয়া যাদৱপুৰ বিশ্ববিদ্যালয়, কলেজ ষ্ট্ৰীট, বাৰেকপুৰৰ ভাৰতীয় পৰিসাংখ্যিক প্ৰতিষ্ঠানলৈ(Indian Statistical Institute) যাব গোৱেভাৰৰ জীয়াৰী আৰু নাতিনী ৷ য'ত তেওঁলোকৰ উপস্থিতিত বিশেষ আলোচনাৰ আয়োজন কৰা হ'ব ৷ 13 জানুৱাৰীত কলকাতা প্ৰেছ ক্লাব অথবা ডিৱাইএফআইৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত হ'ব য'ত সৰ্বভাৰতীয় শান্তি আৰু সংহতি সংস্থাৰ (এআইপিএছও) সদস্যসকল উপস্থিত থাকিব ৷