অসম

assam

ETV Bharat / bharat

ছট্টিশগড়ত নক্সালবাদীৰ আক্ৰমণত দুগৰাকী CRPF জোৱান আহত - ছট্টিশগড়ত আইইডি বিস্ফোৰণত CRPFৰ জোৱান আহত

ছট্টিশগড়ত আইইডি বিস্ফোৰণত CRPFৰ দুগৰাকী জোৱান আহত ৷ ছট্টিশগড়ৰ(Chattisgarh) বিজাপুৰ জিলাৰ মোদকপাল আৰক্ষী থানা অঞ্চলৰ(Modakpal police station area) Kodepalত সংঘটিত হৈছে এই আইডি বিস্ফোৰণৰ ঘটনা ৷ নক্সালবাদীয়ে এই আক্ৰমণ সংঘটিত কৰাৰ সন্দেহ ৷

Two CRPF personnel injured in suspected Naxal attack
চট্টিশগড়ত নক্সালবাদীৰ আক্ৰমণত দুগৰাকী CRPF জোৱান আহত

By

Published : Sep 30, 2021, 4:55 PM IST

নেশ্যনেল ডেস্ক , 30 ছেপ্টেম্বৰ :ছট্টিশগড়ৰ(Chattisgarh) বিজাপুৰ জিলাত সন্দেহজনক নক্সালবাদীৰ আক্ৰমণত Central Reserve Police Forceৰ দুজনকৈ জোৱান আহত হৈছে ৷ ছট্টিশগড়ৰ বিজাপুৰ জিলাৰ(Bijapur district) মোদকপাল আৰক্ষী থানা অঞ্চলৰ(Modakpal police station area) Kodepalত সংঘটিত এক আইডি বিস্ফোৰণৰ(IED blast) ঘটনাত জোৱান দুগৰাকী আঘাতপ্ৰাপ্ত হৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি, দুয়োগৰাকী জোৱানৰ মাজত এগৰাকীৰ অৱস্থা যথেষ্ট সংকটজনক ৷ দুয়ো আঘাতপ্ৰাপ্ত জোৱানক বৰ্তমান জিলা চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ সম্প্ৰতি অঞ্চলটোত সুৰক্ষা বাহিনীৰ লোক উপস্থিত আছে আৰু এই সমগ্ৰ ঘটনা নক্সালবাদীয়ে সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

আহত সৈনিকদ্বয়ক Balkishan আৰু Sanidul Islam বুলি চিনাক্ত কৰা হৈছে ৷ দুয়োগৰাকী আহত জোৱান CRPF Battalion 170ৰ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰে বোমা বিস্ফোৰণ ঘটি দুই ভাতৃৰ মৃত্যু

ABOUT THE AUTHOR

...view details