অসম

assam

ETV Bharat / bharat

WB SSC Scam: পাৰ্থ চেটাৰ্জীৰ শেহতীয়া কাৰ্যৰ বাবে আমি লজ্জানত: কুনাল ঘোষ - ED Arrests Minister Partha Chatterjee

"পাৰ্থ চেটাৰ্জীৰ বাসগৃহৰ লগতে তেওঁৰ ঘনিষ্ঠৰ ঘৰৰ পৰা কোটি কোটি টকা উদ্ধাৰ হোৱা কাৰ্যৰ বাবে দলটো লজ্জানত ৷ চেটাৰ্জীৰ এই কাৰ্যই দলটোৰ সন্মান লাঘৱ কৰিছে ৷" মন্ত্ৰী পাৰ্থ চেৰ্টাজী(ED Arrests Partha)ক গ্ৰেপ্তাৰৰ সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ কুনাল ঘোষে এই মন্তব্য প্ৰকাশ কৰে (TMC spokesperson Kunal Ghosh on Partha Chatterjee) ৷

Chatterjee has brought shame on all of us: TMC spokesperson
পাৰ্থ চেটাৰ্জীৰৰ শেহতীয়া কাৰ্যৰ বাবে আমি লজ্জাজনক

By

Published : Jul 28, 2022, 3:42 PM IST

নেশ্যনেল ডেস্ক, 28 জুলাই:পশ্চিমবংগত SSC নিযুক্তি কেলেংকাৰীয়ে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ৷ যোৱা 23 জুলাইত এনফৰ্চমেন্ট ডিৰেক্টৰেটৰ এটি দলে অভিযান চলাই পশ্চিমবংগৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পাৰ্থ চেৰ্টাজী(ED Arrests Minister Partha Chatterjee)ক গ্ৰেপ্তাৰ কৰে ৷

ইয়াৰ পিছতে তৃণমূল কংগ্ৰেছত তীব্ৰ খলকনিৰ সৃষ্টি হৈছে ৷ তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ কুনাল ঘোষে (TMC spokesperson Kunal Ghosh)বুধবাৰে এই ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে, পাৰ্থ চেটাৰ্জীৰ বাসগৃহৰ লগতে তেওঁৰ ঘনিষ্ঠৰ বাসগৃহৰ পৰা কোটি কোটি টকা উদ্ধাৰ হোৱা কাৰ্যৰ বাবে দলটো লজ্জিত (Chatterjee has brought shame on all of us)৷ চেটাৰ্জীৰ এই কাৰ্যই দলটোৰ সন্মান লাঘৱ কৰিছে (TMC spokesperson Kunal Ghosh on Partha Chatterjee)৷

লগতে ঘোষে কয় যে, "কেবিনেট মন্ত্ৰী হিচাপে তেওঁৰ কেইবাটাও দপ্তৰ আছে। তেওঁ এতিয়া কেনেকৈ এজন প্ৰভাৱশালী ব্যক্তি হোৱাৰ টেগটো আঁতৰ কৰিব সেয়াহে হ'ব লক্ষণীয় ৷"

পাৰ্থ চেটাৰ্জী বাণিজ্য আৰু উদ্যোগ, সংসদীয় পৰিক্ৰমা, তথ্য প্ৰযুক্তি আৰু ইলেক্ট্ৰনিকছ, ৰাজহুৱা উদ্যোগ আৰু ঔদ্যোগিক পুনৰ্নিৰ্মাণ মন্ত্ৰী ৷ ইডিয়ে তেওঁক কলিকতা উচ্চ ন্যায়ালয়ত এজন "প্ৰভাৱশালী ব্যক্তি" বুলি অভিহিত কৰে ৷

চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ কেইঘণ্টামানৰ পিছত ঘোষে সাংবাদিকক কৈছিল যে দলটোৱে তেওঁক দোষী প্ৰমাণিত নোহোৱালৈকে কেবিনেট মন্ত্ৰী বা তৃণমূল কংগ্ৰেছৰ মহাসচিবৰ পদৰ পৰা অপসাৰণ নকৰে ৷

উল্লেখ্য যে অহা ৩ আগষ্টলৈকে চেটাৰ্জীক প্ৰৱৰ্তন সঞ্চালকালয়ৰ(ইডি)জিম্মাৰ নিৰ্দেশ দিয়াৰ পিছত আদালতৰ ৰায়ৰ প্ৰতি সন্মান জনাই তেওঁ চিজিঅ' কমপ্লেক্সত উপস্থিত হয় । কলকাতাৰ এখন আদালতে সোমবাৰে পশ্চিমবংগৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু তেওঁৰ সহযোগী অৰ্পিতা মুখাৰ্জীক ১০দিনৰ প্ৰৱৰ্তন সঞ্চালকালয়ৰ(Enforcement Directorate)জিম্মালৈ প্ৰেৰণৰ আবেদন মঞ্জুৰ কৰিছিল ।

লগতে পঢ়ক:WB SSC Scam: কলকাতাৰ চিজিঅ' কমপ্লেক্সত বংগৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জী

ABOUT THE AUTHOR

...view details