অসম

assam

New TMC president in Meghalaya: তৃণমূল কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ চাৰ্লচ পিনগ্ৰোপৰ

মেঘায়লত দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে উঠি-পৰি লাগিছে তৃণমূল কংগ্ৰেছ । চাৰ্লচ পিনগ্ৰোপক মেঘালয়ত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব অৰ্পণ(Pyngrope appointed as Meghalaya TMC president) । সোমবাৰে তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰে ।

By

Published : Nov 30, 2021, 4:48 PM IST

Published : Nov 30, 2021, 4:48 PM IST

Charles Pyngrope appointed as Meghalaya TMC president
চাৰ্লচ পিনগ্ৰোপক মেঘালয়ৰ তৃণমূল কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণ

নেশ্যনেল ডেস্ক, ৩০ নৱেম্বৰ:পশ্চিমবংগত শাসনৰ গাদী নিজৰ দখলত ৰাখি বিৰোধী দলৰ ভেঁটি কঁপোৱা তৃণমূল কংগ্ৰেছে এইবাৰ মেঘালয়ত দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে চেষ্টা কৰিছে । ২০২৩ চনৰ মেঘালয় বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ ৰাজনৈতিক প্ৰেক্ষাপট সম্পূৰ্ণ সলনি কৰি দিয়াৰ পৰিকল্পনা কৰিছে তৃণমূল কংগ্ৰেছে (All India Trinamool Congress in Meghalaya) । এই পৰিকল্পনাৰ অংশ স্বৰূপে প্ৰাক্তন কংগ্ৰেছ নেতা চাৰ্লছ পিনগ্ৰোপক সোমবাৰে মেঘালয়ত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয় (Charles Pyngrope appointed as new TMC president in Meghalaya) ।

তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে বিজ্ঞপ্তিযোগে জনায় যে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মেঘালয়ৰ সৰ্বাংগীন উন্নতিৰ পৰিকল্পনা কৰিছে (Abhishek Banerjee on Charles Pyngrope) । লগতে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ নেতৃত্বত ৰাজ্যখনক আগুৱাই নিয়াৰ বাবে পৰিৱৰ্তনৰ অনাৰ চেষ্টা কৰি আছে ।

তেওঁ লগতে জনায় যে, মমতা বেনাৰ্জীয়ে চাৰ্লছ পিনগ্ৰোপক তাৎক্ষণিকভাৱে তৃণমূল কংগ্ৰেছৰ মেঘালয় গোটৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰি সন্তুষ্টি ব্যক্ত কৰিছে । বৰ্তমান, ৰাজ্যখনত এন ডি এৰ সহযোগী নেশ্যনেল পিপলছ পাৰ্টীয়ে শাসন কৰি আছে ।

লগতে পঢ়ক:Man Ki Baat: প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য

ABOUT THE AUTHOR

...view details