অসম

assam

ETV Bharat / bharat

Chandrayaan3 Mission : চন্দ্ৰৰ দক্ষিণ মেৰুত ছালফাৰৰ উপস্থিতি পুনৰ নিশ্চিত কৰিছে প্ৰজ্ঞানে - Pragyan rover

এইবাৰ ছালফাৰৰ আৱিষ্কাৰ আন এটা কৌশলৰ জৰিয়তে কৰা হৈছে । চন্দ্ৰযান-৩ৰ এই অনুসন্ধানে বিজ্ঞানীসকলক অঞ্চলটোত ছালফাৰৰ উৎসৰ বাবে নতুন ব্যাখ্যা আগবঢ়োৱাৰ সুবিধা প্ৰদান কৰিছে ।

Chandrayaan3 Mission
Chandrayaan3 Mission

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 4:21 PM IST

নিউজ ডেস্ক, ৩১ আগষ্ট : আন এক নতুন পৰীক্ষাত চন্দ্ৰযান-৩ৰ ৰ'ভাৰ প্ৰজ্ঞানত থকা আন এটা সঁজুলিয়ে চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত ছালফাৰৰ উপস্থিতি নিশ্চিত কৰিছে । ৰ'ভাৰৰ ওপৰত থকা আলফা কণা এক্স-ৰে স্পেক্ট্ৰোস্কোপে (এপিএক্সএছ) ছালফাৰৰ লগতে অন্যান্য সৰু উপাদান চিনাক্ত কৰিছে । ইছৰোৱে এক্স পোষ্টত (পূৰ্বৰ টুইটাৰ) এই কথা জনাইছে ।

এইবাৰ ছালফাৰৰ আৱিষ্কাৰ আন এটা কৌশলৰ জৰিয়তে কৰা হৈছে । "চন্দ্ৰযান-৩ৰ এই অনুসন্ধানে বিজ্ঞানীসকলক অঞ্চলটোত ছালফাৰৰ উৎসৰ বাবে নতুন ব্যাখ্যা আগবঢ়োৱাৰ সুবিধা প্ৰদান কৰিছে । অগ্নিপিণ্ড ?, আগ্নেয়গিৰি ?, উল্কাপিণ্ড?, ......?", ইছৰোৱে এক্সত এনেদৰে পোষ্ট কৰিছে ।

মঙলবাৰেও মহাকাশ সংস্থাটোৱে কৈছিল যে প্ৰজ্ঞান ৰ'ভাৰৰ ওপৰত থকা লেজাৰ-ইনপ্ৰেচিডেণ্ট ব্ৰেকডাউন স্পেক্ট্ৰোস্কোপ (এলআইবিএছ) সঁজুলিটোৱে চন্দ্ৰৰ দক্ষিণ মেৰুত ছালফাৰৰ উপস্থিতি নিশ্চিত কৰিছে । ই চন্দ্ৰপৃষ্ঠত এলুমিনিয়াম, কেলচিয়াম, ফেৰছ (আইৰণ), ক্ৰমিয়াম, টাইটেনিয়াম, মেঙ্গানিজ, ছিলিকন আৰু অক্সিজেন চিনাক্ত কৰিছে, যিটো আশা কৰা হৈছিল ।

সংস্থাটোৱে জনোৱা অনুসৰি, ৰ'ভাৰে বৰ্তমান চন্দ্ৰপৃষ্ঠত হাইড্ৰজেনৰ উপস্থিতি বিচাৰি আছে । ইছৰোৰ স্পেচ এপ্লিকেচন চেণ্টাৰৰ সঞ্চালক নীলেশ দেশায়ে বৃহস্পতিবাৰে এএনআইক কয়, "ইয়াৰ পূৰ্বেও চন্দ্ৰপৃষ্ঠত ছালফাৰ পোৱা গৈছিল, কিন্তু ইমান গুৰুত্বপূৰ্ণভাৱে পোৱা নাছিল । সেয়েহে ইয়াত আমাৰ সূক্ষ্ম পৰ্যবেক্ষণৰ প্ৰয়োজন আছে । অৱশ্যে অধিক বিশ্লেষণ চলি আছে ।"

"অক্সিজেনৰ উপস্থিতিও পোৱা গৈছে । কিন্তু আমি হাইড্ৰজেনৰ উপলব্ধতাও বিচাৰি আছোঁ । কিয়নো যেতিয়া এই দুটা উপাদান একেলগে ৰখা হয় তেতিয়াহে আমি চন্দ্ৰত পানী উৎপাদনৰ সম্ভাৱনা বিবেচনা কৰিব পাৰোঁ ।" দেশায়ে লগতে কয় । তেওঁ কয় যে অদূৰ ভৱিষ্যতে চন্দ্ৰত মহাকাশৰ বাসস্থান সম্ভৱ হ'ব পাৰেনে নোৱাৰে সেয়া নিশ্চিত কৰাটো এতিয়াই অতি সোনকাল হ'ব ।

উল্লেখ্য, ২৩ আগষ্টত চন্দ্ৰযান-৩ লেণ্ডাৰ মডিউলে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে স্পৰ্শ কৰাৰ ফলত ভাৰতে এক বৃহৎ সফলতা লাভ কৰে । যাৰ ফলত এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় ভাৰত । আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু ৰাছিয়াৰ পিছত ভাৰত কেৱল চতুৰ্থখন দেশ হিচাপে পৰিণত হৈছে, যিয়ে সফলতাৰে চন্দ্ৰত লেণ্ডাৰ অৱতৰণ কৰিছে ।

আনহাতে, এক্সৰ আন এটা পোষ্টত ইছৰোৱে বৃহস্পতিবাৰে এটা ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছে, য'ত প্ৰজ্ঞান ৰ'ভাৰক সুৰক্ষিত পথৰ সন্ধানত চন্দ্ৰপৃষ্ঠত ঘূৰি থকা দেখা গৈছে । এই ঘূৰ্ণন লেণ্ডাৰ ইমেজাৰ কেমেৰাৰ দ্বাৰা বন্দী কৰা হৈছিল । "এনে অনুভৱ হয় যেন এটা শিশুৱে চন্দ্ৰমামাত ফুৰ্তি কৰি আছে । আনহাতে, মাতৃয়ে মৰমেৰে চাই আছে । এয়া নহয়নে ?" ইছৰোৱে এক্স টাইমলাইনত পোষ্ট কৰিছে ।

লগতে পঢ়ক :chandrayaan 3: বিক্ৰম লেণ্ডাৰৰ ফটো প্ৰেৰণ কৰিলে প্ৰজ্ঞান ৰ’ভাৰে

ABOUT THE AUTHOR

...view details