অসম

assam

ETV Bharat / bharat

Chandrayaan-3: চন্দ্ৰযান-3ৰ লেণ্ডাৰ বিক্ৰমৰ প্ৰথম ডিবুষ্টিং সফলভাৱে সম্পন্ন - মহাকাশযান

23 আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণৰ লক্ষ্যৰে আগবাঢ়িছে চন্দ্ৰযান-3 ৷ শুকুৰবাৰে চন্দ্ৰযানখনে ডিবুষ্টিং প্ৰক্ৰিয়া সম্পন্ন কৰি নিম্ন কক্ষপথ প্ৰদৰ্শন কৰে ৷ 20 আগষ্টত সম্পন্ন হ’ব দ্বিতীয় প্ৰক্ৰিয়া ৷

Chandrayaan-3
Chandrayaan-3

By

Published : Aug 18, 2023, 10:04 PM IST

নেশ্যনেল ডেস্ক, 18 আগষ্ট: অন্য এক সফলতা প্ৰাপ্ত কৰিলে ভাৰতৰ উচ্চাভিলাষী চন্দ্ৰযান-৩য়ে ৷ চন্দ্ৰযানখনৰ বিক্ৰম লেণ্ডাৰে ডিবুষ্টিং (deboosting) কৌশল দ্বাৰা প্ৰপালচন মডিউলৰ পৰা পৃথক হোৱাৰ পিছত নিম্ন কক্ষপথ প্ৰদৰ্শন কৰে ৷ শুকুৰবাৰে চলোৱা এই গুৰুত্বপূৰ্ণ অভিযানৰ উদ্দেশ্য আছিল লেণ্ডাৰ মডিউলটো ইয়াৰ আসন্ন চন্দ্ৰ অৱতৰণৰ বাবে 23 আগষ্টত নিৰ্ধাৰিত কৰা ৷

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) এই কৌশলৰ পিছত লেণ্ডাৰ মডিউল (LM) স্বাভাৱিক অৱস্থাত থকা বুলি সদৰী কৰিছে ৷ সফল ডিবুষ্টিঙে লেণ্ডাৰৰ কক্ষপথ 157 কিলোমিটাৰৰ পৰা 113 কিলোমিটাৰলৈ হ্ৰাস কৰে ৷ টুইটযোগে ISROয়ে প্ৰকাশ কৰে যে দ্বিতীয়টো ডিবুষ্টিং অপাৰেচন 20 আগষ্টত কৰা হ’ব ৷

ডিবুষ্টেডিং হৈছে এক পদ্ধতি যাৰদ্বাৰা নিয়ন্ত্ৰিত চন্দ্ৰ অৱতৰণৰ বাবে অনুকূল কক্ষপথ লাভ কৰিবলৈ মহাকাশযানৰ গতি হ্ৰাস কৰে ৷ এই প্ৰক্ৰিয়াই মহাকাশযানখনক এনে এটা কক্ষপথত অৱস্থিত কৰে য’ত চন্দ্ৰৰ নিকটতম বিন্দুটো 30 কিলোমিটাৰ, আনহাতে আটাইতকৈ দূৰৱৰ্তী বিন্দু 100 কিলোমিটাৰ ৷ ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পথপ্ৰদৰ্শক হিচাপে বিবেচিত বিক্ৰম চাৰাভাইৰ (১৯১৯-১৯৭১) নামেৰে নামাকৰণ কৰা চন্দ্ৰযান-3য়ে কেইবাটাও জটিল কক্ষ সলনি কৰিছে ।

অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা 14 জুলাইত উৎক্ষেপণ কৰা চন্দ্ৰযান-3 অৱতৰণৰ দিশে আগবাঢ়িছে ৷ এই অভিযান সফল হ'লে, ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনকে ধৰি এক অভিজাত ৰাষ্ট্ৰগোটত যোগদান কৰি এই কৃতিত্ব অৰ্জন কৰিব । এই অভিযানৰ উদ্দেশ্যসমূহৰ ভিতৰত আছে এক সুৰক্ষিত অৱতৰণ, চন্দ্ৰ ভূখণ্ডৰ অন্বেষণ আৰু পৰীক্ষা-নিৰীক্ষা কৰা ৷

উল্লেখ্য যে 2020 চনৰ জানুৱাৰী মাহৰ পৰাই চন্দ্ৰযান-3ৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷ 2021 চনত চন্দ্ৰযানখন উৎক্ষেপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও ক’ভিড-19 মহামাৰীৰ বাবে উৎক্ষেপণ প্ৰক্ৰিয়া বিলম্ব হয় ৷ চন্দ্ৰযান-3ৰ বাবে অনুমোদিত বাজেট হৈছে 250 কোটি টকা ৷ ইয়াতেই অন্তৰ্ভুক্ত আছে উৎক্ষেপণ ব্যয় ৷

লগতে পঢ়ক:Chandrayaan3 Spacecraft : চন্দ্ৰযান-৩ৰ আন এক সফলতা; চন্দ্ৰৰ চাৰিওফালে বৃত্তাকাৰ কক্ষপথ লাভ

ABOUT THE AUTHOR

...view details