অসম

assam

ETV Bharat / bharat

Chandrayaan-3: চন্দ্ৰত কাম আৰম্ভ কৰিছে প্ৰজ্ঞান ৰোভাৰে; নিৰ্ধাৰিত প্ৰণালী অনুসৰি চলিছে সকলো - ISRO

চন্দ্ৰ পৃষ্ঠত নিৰ্ধাৰিত প্ৰণালী অনুসৰি কাম আৰম্ভ কৰিছে চন্দ্ৰযান-3 য়ে ৷ এই কথা টুইটযোগে প্ৰকাশ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ৷

Chandrayaan-3
Chandrayaan-3

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 9:35 PM IST

নেশ্যনেল ডেস্ক, 24 আগষ্ট: চন্দ্ৰযান-3ৰ শেহতীয়া অৱস্থিতিৰ তথ্য প্ৰকাশ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ৷ বৃহস্পতিবাৰে এক মিছন আপডেটত ইছৰ’ৱে কয় যে চন্দ্ৰযান-3 সকলো কাৰ্যকলাপ আৰু সকলো প্ৰক্ৰিয়া স্বাভাৱিক প্ৰণালীৰে চলি আছে ৷ চন্দ্ৰযান-3ৰ অধিক তথ্য প্ৰকাশ কৰি ইছৰ’ৱে বিক্ৰম লেণ্ডাৰৰ পেলোড সক্ৰিয়া কৰাৰ লগতে ৰোভাৰৰ কাম আৰম্ভ হোৱা বুলিও জানিবলৈ দিয়ে ৷

‘‘সকলো কাৰ্যকলাপ সময়সূচী মতে চলি আছে ৷ সকলো প্ৰণালী স্বাভাৱিক ৷ লেণ্ডাৰ মডিউল পেলোড ILSA, RAMBHA আৰু ChaSTE আজি অন কৰা হৈছে । ৰোভাৰৰ গতিশীলতাৰ কাম আৰম্ভ হৈছে । দেওবাৰে প্ৰপালচন মডিউলৰ শ্বেপ পেলোড অন কৰা হৈছিল,’’ বৃহস্পতিবাৰে সন্ধিয়া ইছৰ’ৱে টুইট কৰি কয় ৷

চন্দ্ৰযান-2ৰ অৱতৰণৰ পূৰ্বৰ অন্তিম মুহূৰ্তৰ এটা ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰি ইছৰ’ৱে কয়, ‘‘লেণ্ডাৰ ইমেজাৰ কেমেৰাই অৱতৰণৰ ঠিক পূৰ্বে চন্দ্ৰৰ ছবি কেনেদৰে বন্দী কৰিছিল সেয়া ইয়াত দেখা গৈছে ৷’’ উল্লেখ্য যে বুধবাৰে ভাৰতৰ চন্দ্ৰযান-3 চন্দ্ৰৰ দক্ষিণ মেৰুত মসৃণ অৱতৰণ কৰাৰ পাছতেই এক বিৰল ইতিহাস সৃষ্টি কৰিলে ভাৰতে ৷ কিয়নো চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন দেশত পৰিণত হ’ল ভাৰত ৷

চন্দ্ৰযান-3 য়ে বুধবাৰে সন্ধিয়া 6.03 বজাত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰে ৷ ইয়াৰ পূৰ্বে ৰাছিয়াই লুনা-25 চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ চেষ্টা কৰিছিল যদিও সেয়া বিফল হয় ৷ ইফালে বিজ্ঞানীসকলে বিশ্বাস কৰে যে চন্দ্ৰৰ এই স্থানত পানী বা আন মূল্যৱান উপাদানৰ গুৰুত্বপূৰ্ণ ভাণ্ডাৰ থাকিব পাৰে ৷

লগতে পঢ়ক:Chandrayaan 3 Lunar Exploration : চন্দ্ৰৰ দক্ষিণ মেৰুত মানৱ উপনিবেশ সৃষ্টিৰ সম্ভাৱনা আছে; ইছৰোৰ মুৰব্বী

ABOUT THE AUTHOR

...view details