অসম

assam

ETV Bharat / bharat

Chandrayaan 3 Tamil Nadu connection: তামিলনাডুৰ নমক্কালৰ মাটিয়ে অৰিহণা যোগাইছে ইছৰোৰ চন্দ্ৰ অভিযানত - Indian Space Research Organisation

২০১২ চনৰ পৰা তামিলনাডুৰ ৰাজধানী চেন্নাইৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰৈত অৱস্থিত নমক্কালে চন্দ্ৰযান মিছন সামৰ্থৰ পৰীক্ষাৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক (ইছৰো) মাটি যোগান ধৰিছে । কিয়নো উক্ত জিলাখনৰ ভূমি চন্দ্ৰপৃষ্ঠৰ দৰে ।

Chandrayaan 3 Tamil Nadu connection
Chandrayaan 3 Tamil Nadu connection

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 1:14 PM IST

নিউজ ডেস্ক, ২৩ আগষ্ট : তামিলনাডুৰ নমস্য ব্যক্তিত্ব, প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ এ পি জে আব্দুল কালাম, চন্দ্ৰযান-২ মিছন সঞ্চালক মায়িলচামি আন্নাদুৰাই আৰু চন্দ্ৰযান-৩-ৰ প্ৰকল্প সঞ্চালক বীৰামুথুভেল পিয়ে ইছৰো অভিযানত অৱদান আগবঢ়াইছে । কিন্তু তাৰ সৈতে চন্দ্ৰ অভিযানত তামিলনাডুৰ আন এক বৰঙনি আছে । সেয়া হৈছে ৰাজ্যখনৰ মাটিয়েও চন্দ্ৰযান-৩ অভিযানত অৰিহণা যোগাইছে ।

২০১২ চনৰ পৰা তামিলনাডুৰ ৰাজধানী চেন্নাইৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰৈত অৱস্থিত নমক্কালে চন্দ্ৰযান মিছন সামৰ্থ্যৰ পৰীক্ষাৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক (ইছৰো) মাটি যোগান ধৰি আহিছে । কিয়নো উক্ত জিলাখনৰ মাটি চন্দ্ৰপৃষ্ঠৰ দৰে । ইয়াৰ ফলত ইছৰোৱে লেণ্ডাৰ মডিউলৰ চন্দ্ৰপৃষ্ঠত মসৃণ অৱতৰণৰ সামৰ্থ পৰীক্ষা আৰু তাৰ শুধৰণি কৰিবলৈ সক্ষম হৈছে । কিয়নো চন্দ্ৰপৃষ্ঠৰ দৰে নমক্কালৰ মাটিৰ গুণাগুণো একেই ।

সেয়েহে যদি চন্দ্ৰযান-৩-ৰ লেণ্ডাৰ মডিউলে চন্দ্ৰত সফলতাৰে মসৃণ অৱতৰণৰ উদ্দেশ্য সফল কৰে, ই তামিলনাডুক আনন্দিত কৰাৰ এক অতিৰিক্ত কাৰণ প্ৰদান কৰিব । এইটো তৃতীয়বাৰৰ বাবে হৈছে যে দক্ষিণ ভাৰতৰ ৰাজ্যখনে ইছৰোৰ উচ্চাকাংক্ষী চন্দ্ৰ অভিযান পৰীক্ষা কৰাৰ বাবে ইছৰোৰ বেংগালুৰুৰ মুখ্য কাৰ্যালয়ক প্ৰয়োজনীয় মাটি যোগান ধৰিছে ।

পেৰিয়াৰ বিশ্ববিদ্যালয়ৰ ভূ-বিজ্ঞান বিভাগৰ সঞ্চালক, অধ্যাপক এছ আনবাজগানে কয়, নমক্কাল অঞ্চলত প্ৰচুৰ পৰিমাণে এই মাটি উপলব্ধ । যাৰ ফলত ইছৰোৰ প্ৰয়োজনীয়তা উদ্ভৱ হোৱাত সেই সমস্যা পূৰণ কৰিবলৈ সক্ষম হৈছে ।

"আমি ভূবিজ্ঞানত গৱেষণা কৰাত নিয়োজিত হৈ আছোঁ । তামিলনাডুত চন্দ্ৰপৃষ্ঠত থকা ধৰণৰ মাটি আছে, বিশেষকৈ যিটো দক্ষিণ মেৰুত থকা মাটিৰ (চন্দ্ৰৰ) সৈতে একে । চন্দ্ৰপৃষ্ঠত 'এনৰ্থোচাইট' (এক প্ৰকাৰৰ আগ্নেয় শিল) প্ৰকাৰৰ মাটি আছে ।" তেওঁ কয় ।

সংবাদ সংস্থা পিটিআয়ে অধ্যাপক এছ আনবাজগানৰ উদ্ধৃতি দি কৈছে, "চন্দ্ৰ অন্বেষণ কাৰ্যসূচী ঘোষণা কৰাৰ পিছতে আমি মাটি ইছৰোলৈ প্ৰেৰণ কৰি আহিছোঁ ।"

উল্লেখ্য় যে, চন্দ্ৰযান-৩ অভিযানৰ লক্ষ্য হৈছে চন্দ্ৰৰ অনাবিষ্কৃত দক্ষিণ মেৰুত মহাকাশযানৰ মসৃণ অৱতৰণ । এই অভিযানে আমেৰিকা যুক্তৰাষ্ট্ৰ, পূৰ্বৰ ছোভিয়েট ইউনিয়ন আৰু চীনৰ পিছত এই উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰা ভাৰতক চতুৰ্থখন দেশ হিচাপে গঢ়ি তুলিব ।

আনবাজগানে কয় যে, ২০০৮ চনত চন্দ্ৰযান-১ অভিযানৰ সফলতাৰ পিছত বিজ্ঞানীসকলে চন্দ্ৰযান-২ অভিযান সম্পাদন কৰিবলৈ সাজু হয়, যাৰ উদ্দেশ্য হৈছে চন্দ্ৰপৃষ্ঠত মসৃণ অৱতৰণ কৰাৰ সামৰ্থ্য প্ৰদৰ্শন কৰা । ইয়াৰ তুলনাত চন্দ্ৰযান-১-ৰ লক্ষ্য আছিল চন্দ্ৰক প্ৰদক্ষিণ কৰা আৰু চন্দ্ৰপৃষ্ঠত অৱতৰণ নকৰা । চন্দ্ৰযান-২ অভিযানত পৰিকল্পনা কৰা হৈছিল যে, লেণ্ডাৰ মডিউলৰ পৰা এটা ৰ'ভাৰ ওলাই আহি চন্দ্ৰপৃষ্ঠত ঘূৰিব, প্ৰক্ৰিয়াটোত পৰীক্ষা কৰিব । তেওঁ কয় ।

চালেমৰ বিশ্ববিদ্যালয়ত ৰিম'ট চেঞ্চিং আৰু ভূগৰ্ভস্থ পানীৰ অন্বেষণৰ বিশেষজ্ঞ আনবাজগানে কয়, "প্ৰায় ৫০ টন মাটি ভাৰতীয় মহাকাশ গৱেষণা সংস্থালৈ (ইছৰো) প্ৰেৰণ কৰা হৈছিল, যাৰ গুণাগুণ চন্দ্ৰপৃষ্ঠত থকা মাটিৰ দৰে একেই ।"

বিভিন্ন পৰীক্ষা কৰাৰ পিছত ইছৰোৰ বিজ্ঞানীসকলে নিশ্চিত কৰে যে, নমক্কাল অঞ্চলত উপলব্ধ মাটি চন্দ্ৰপৃষ্ঠৰ সৈতে মিল খাইছে । তেওঁ লগতে কয় । আনবাজগানে কয় যে, মাটিখিনি নমক্কালৰ চৌপাশে থকা চিথাম্পুণ্ডি আৰু কুন্নামলাই গাঁৱৰ দৰে ঠাইত আৰু লগতে অন্ধ্ৰপ্ৰদেশ আৰু দেশৰ উত্তৰ অংশৰ কিছুমান অঞ্চলত প্ৰচুৰ পৰিমাণে উপলব্ধ আছিল ।

"আমি তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি মাটি ইছৰোলৈ প্ৰেৰণ কৰি আহিছোঁ । তেওঁলোকে (ইছৰোৰ বিজ্ঞানীসকলে) আমি যোগান ধৰা মাটিত পৰীক্ষা কৰি আহিছে ।" তেওঁ কয় যে, চন্দ্ৰযান-৪ অভিযান আহিলেও আমি ইয়াৰ বাবে মাটি যোগান ধৰিবলৈ সাজু হৈছোঁ ।

লগতে পঢ়ক :Chandrayaan 3 landing: জোনবাইৰ দেশৰ ঐতিহাসিক মুহূৰ্তৰ বাবে অপেক্ষাৰত দেশবাসী

ABOUT THE AUTHOR

...view details