নেশ্যনেল ডেস্ক,২৬ আগষ্ট : দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচ ভ্ৰমণ সামৰি ভাৰতত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ভাৰতত উপস্থিত হৈয়ে প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা । ভাৰতত ২৩ আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে পালন কৰা হ'ব । কিয়নো এই দিনটো ভাৰতৰ মহাকাশ যাত্ৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ । চন্দ্ৰযান-৩য়ে চন্দ্ৰপৃষ্ঠত সফলভাৱে অৱতৰণ কৰিবলৈ সক্ষম হৈছে । ইছৰো কেন্দ্ৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ বিজ্ঞানীসকলৰ সৈতে বাৰ্তালাপ কৰি এই ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে গ্ৰীচৰ পৰা পোনেপোনে প্ৰধানমন্ত্ৰীগৰাকীয়ে বেংগালুৰুত উপস্থিত হয় । তেওঁক ইছৰোৰ মুৰব্বী এছ সোমনাথে আদৰণি জনায় । তাৰ পাছতে বিজ্ঞানীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ দেশে বিজ্ঞানীসকলক লৈ গৌৰৱান্বিত, যি সকলে নিৰন্তৰ কঠোৰ পৰিশ্ৰম কৰিছে । প্ৰধানমন্ত্ৰীয়ে লগতে জনায় যে বিক্ৰম লেণ্ডাৰে চন্দ্ৰস্পৰ্শ কৰা বিন্দুটোক 'শিৱশক্তি' বিন্দু বুলি জনা যাব আনহাতে চন্দ্ৰযান-২ অভিযানে নিজৰ পদচিহ্ন এৰি যোৱা বিন্দুটোক ত্ৰিৰংগা বিন্দু বুলি জনা যাব ।