অসম

assam

ETV Bharat / bharat

Chandrayaan3 Spacecraft : চন্দ্ৰযান-৩ৰ আন এক সফলতা; চন্দ্ৰৰ চাৰিওফালে বৃত্তাকাৰ কক্ষপথ লাভ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই জনাইছে যে চন্দ্ৰযান-৩ মহাকাশযানে চন্দ্ৰৰ চাৰিওফালে ওচৰৰ বৃত্তাকাৰ কক্ষপথ লাভ কৰাৰ বাবে আন এক সফলতা অৰ্জন কৰিছে ।

By

Published : Aug 14, 2023, 3:07 PM IST

Chandrayaan3 Spacecraft
Chandrayaan3 Spacecraft

নিউজ ডেস্ক, ১৪ আগষ্ট :ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই জনাইছে যে চন্দ্ৰযান-৩ মহাকাশযানে আন এক সফলতা লাভ কৰিছে । চন্দ্ৰযানে চন্দ্ৰৰ চাৰিওফালে ওচৰৰ বৃত্তাকাৰ কক্ষপথ লাভ কৰিছে । ইছৰোৱে এক টুইটযোগে কয়, "কক্ষপথ বৃত্তাকাৰকৰণ পৰ্যায় আৰম্ভ হৈছে । আজি সম্পাদন কৰা সঠিক কৌশলে ১৫০ কিলোমিটাৰ X ১৭৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰায় বৃত্তাকাৰ কক্ষপথ লাভ কৰিছে । পৰৱৰ্তী অভিযানটো ১৬ আগষ্ট তাৰিখে ভাৰতীয় সময়মতে প্ৰায় ৮.৩০ বজাত পৰিকল্পনা কৰা হৈছে ।"

১৬ আগষ্টত ১০০ কিলোমিটাৰ কক্ষপথত উপনীত হোৱাৰ বাবে প্ৰস্তাৱিত কৌশলৰ পিছত লেণ্ডাৰ আৰু ৰ'ভাৰৰ সৈতে গঠিত লেণ্ডিং মডিউলটো প্ৰপালচন মডিউলৰ পৰা আঁতৰি যাব ।

ইয়াৰ পিছত লেণ্ডাৰ 'ডিবুষ্ট' (লেহেমীয়া হোৱাৰ প্ৰক্ৰিয়া) হ'ব আৰু ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত মসৃণ অৱতৰণ কৰিব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে ১৪ জুলাইৰ উৎক্ষেপণৰ পিছত চাৰি সপ্তাহত ছয়টা পদক্ষেপত ইছৰোৱে চন্দ্ৰযান-৩ মহাকাশযানখন পৃথিৱীৰ পৰা বহু দূৰৈত থকা কক্ষপথলৈ উঠাই লৈ গৈ আছে ।

আগষ্টৰ ১ তাৰিখে এক গুৰুত্বপূৰ্ণ কৌশলত মহাকাশযানখন পৃথিৱীৰ কক্ষপথৰ পৰা চন্দ্ৰৰ ফালে সফলতাৰে প্ৰেৰণ কৰা হৈছিল । এই ট্ৰেন্স-লুনাৰ ইনজেকচনৰ পিছত চন্দ্ৰযান-৩ মহাকাশযানখন পৃথিৱীৰ কক্ষপথৰ পৰা ওলাই যায় আৰু এনে এটা পথ অনুসৰণ কৰিবলৈ আৰম্ভ কৰে যিয়ে ইয়াক চন্দ্ৰৰ ওচৰলৈ লৈ যাব ।

চন্দ্ৰযান-৩ হৈছে চন্দ্ৰপৃষ্ঠত সুৰক্ষিত অৱতৰণ আৰু পৰিভ্ৰমণৰ ক্ষেত্ৰত এণ্ড-টু-এণ্ড ক্ষমতা প্ৰদৰ্শন কৰাৰ বাবে চন্দ্ৰযান-২ৰ এক অনুসৰণ অভিযান । ইয়াত লেণ্ডাৰ আৰু ৰ'ভাৰ কনফিগাৰেচন আছে ।

আনহাতে, ইয়াত অন্তৰ্ভুক্ত আছে এক থলুৱা প্ৰপালচন মডিউল, লেণ্ডাৰ মডিউল আৰু আন্তঃ-গ্ৰহ অভিযানৰ বাবে প্ৰয়োজনীয় নতুন প্ৰযুক্তি বিকাশ আৰু প্ৰদৰ্শন কৰাৰ উদ্দেশ্যৰে এটা ৰ'ভাৰ ।

উল্লেখ্য যে বৰ্তমান ইছৰো ৰাছিয়াৰ মহাকাশ সংস্থা ৰছকছমছৰ সৈতে প্ৰতিদ্বন্দ্বিতাত আছে । ৰাছিয়াই ৪৭ বছৰ পিছত দেশখনৰ প্ৰথম চন্দ্ৰ লেণ্ডাৰ লুনা-২৫ স্থানীয় সময় মতে, ১১ আগষ্টত উৎক্ষেপণ কৰিছে । ৰাছিয়াৰ এই অভিযান ভাৰতৰ তৃতীয় চন্দ্ৰ মহাকাশযান চন্দ্ৰযান-৩ৰ সৈতে মিলি গৈছে । কিয়নো দুয়োখন লেণ্ডাৰে ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ লক্ষ্য ৰাখিছে ।

লগতে পঢ়ক :First moon mission of Russia : সুদীৰ্ঘ ৫০ বছৰৰ পাছত ৰাছিয়াৰ প্ৰথমটো চন্দ্ৰ অভিযান আৰম্ভ

ABOUT THE AUTHOR

...view details