অসম

assam

ETV Bharat / bharat

Chandrayaan-3 mission : চন্দ্ৰপৃষ্ঠত কি কৰিব চন্দ্ৰযান-৩য়ে, কি ক'লে ইছৰোৰ বিজ্ঞানী পদ্মকুমাৰে ?

২৩ আগষ্টত নিৰ্ধাৰিত ইছৰোৰ ঐতিহাসিক চন্দ্ৰ অৱতৰণৰ পূৰ্বে ইছৰো ইনটেনিচেল চিষ্টেমছ ইউনিট (আইআইএছইউ)ৰ সঞ্চালক ই এছ পদ্মকুমাৰে ইটিভি ভাৰতৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰু অঞ্চলত এলভিএম৩ ৰকেট অৱতৰণ কৰাৰ পৰিকল্পনাৰ কাৰণ ব্যাখ্যা কৰে ।

By

Published : Aug 21, 2023, 7:24 PM IST

Chandrayaan-3 mission
চন্দ্ৰপৃষ্ঠত কি কৰিব চন্দ্ৰযান-৩য়ে, কি ক'লে ইছৰোৰ বিজ্ঞানী পদ্মকুমাৰে

নেশ্যনেল ডেস্ক,২১ আগষ্ট :ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো । কিয়নো অহা ২৩ আগষ্টত ইছৰোৰ চন্দ্ৰযান-৩য়ে চন্দ্ৰপৃষ্ঠত ছফ্ট লেণ্ডিঙৰ সম্ভাৱনা আছে । সফল লেণ্ডিঙৰ পাছত ইছৰোৰ লক্ষ্য হৈছে চন্দ্ৰত ঘূৰি ফুৰা ৰোভাৰ জৰিয়তে ইন-চিটু বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰা ।

চন্দ্ৰযানৰ বিক্ৰম লেণ্ডাৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ কথা আছে । ই দক্ষিণ মেৰুৰ ৬৯.৩৭,৩২.৩৫ অঞ্চলত অৱতৰণ কৰিব । বৰ্তমানৰ অৱতৰণ স্থান ২০১৯ চনৰ শেষ মুহূৰ্তত চন্দ্ৰযান ২ বিফল হোৱা অঞ্চলটোৰ পৰা ১০০ কিলোমিটাৰ দূৰত নিৰ্ধাৰণ কৰা হৈছে ।

ইটিভি ভাৰতৰ সন্মুখত ইছৰো ইনাৰ্চিয়েল চিষ্টেমছ ইউনিট (আইআইএছইউ)ৰ সঞ্চালক পদ্মকুমাৰ ই.এছ.-য়ে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰু অঞ্চলত এলভিএম৩ ৰকেট অৱতৰণ কৰাৰ পৰিকল্পনাৰ কাৰণ ব্যাখ্যা কৰে । পদ্মকুমাৰে কয় যে দক্ষিণ মেৰু অঞ্চলবোৰ হিমায়িত হৈ আছে আৰু সেইবোৰ অন্বেষণ কৰাৰ যথেষ্ট সুযোগ আছে ।

তেওঁ কয় যে বেছিভাগ চন্দ্ৰ অভিযান বিষুৱ ৰেখাৰ চাৰিওফালে লক্ষ্য কৰা হৈছিল । দক্ষিণ মেৰুৰ তুলনাত বিষুৱ ৰেখা ভালদৰে আলোকিত আছে । দক্ষিণ মেৰুৰ অঞ্চলবোৰ হিমায়িত হৈ আছে সেয়েহে উক্ত অঞ্চলটো অন্বেষণ কৰাৰ যথেষ্ট সুযোগ আছে বুলি তেওঁ ভাবে । তাত অন্বেষণ কৰিব লাগিব কিয়নো অধ্যয়নৰ বাবে বহুসংখ্যক কাৰক আছে । ইয়াৰ দ্বাৰা চন্দ্ৰৰ উৎপত্তি আৰু আনকি সৌৰজগতৰ বিষয়ে অধিক তথ্য লাভ কৰিবলৈ সক্ষম হ'ব পৰা যাব বুলি তেওঁ উল্লেখ কৰে ।

পদ্মকুমাৰে লগতে কয় যে দক্ষিণ মেৰু অঞ্চলত অৱতৰণ কৰাটো কঠিন । অৱশ্যে, ইছৰোৱে দক্ষিণ মেৰুত ঠিক ৬৯.২ ডিগ্ৰী দক্ষিণত অৱতৰণ কৰাৰ সিদ্ধান্ত লৈছে । চন্দ্ৰযানে ১৪ দিনৰ বাবে অন্বেষণ কৰিব আৰু পেলোডবোৰে চন্দ্ৰপৃষ্ঠৰ গঠন, তাত থকা উপাদান আৰু পৃষ্ঠৰ ৰাসায়নিক সংমিশ্ৰণকে ধৰি বিভিন্ন দিশ অধ্যয়ন কৰিব । এই বিশ্লেষণবোৰে চন্দ্ৰৰ গঠন সম্পৰ্কে তথ্যৰ ওপৰত আলোকপাত কৰিব ।

চন্দ্ৰৰ দক্ষিণ মেৰু হৈছে চন্দ্ৰৰ আটাইতকৈ দক্ষিণ বিন্দু । ইয়াৰ চাৰিওফালে স্থায়ীভাৱে ছাঁ থকা এলেকাবোৰত পানীৰ বৰফ হোৱাৰ বাবে ই বিজ্ঞানীসকলৰ বাবে বিশেষ আগ্ৰহৰ বিষয় ।

ৰাছিয়াৰ লুনা-২৫ ৰ তুলনাত ভাৰতৰ অভিযানটোৰ ম্যাদৰ বিষয়ে উল্লেখ কৰি ইছৰোৰ শীৰ্ষ বিজ্ঞানীজনে কয় যে ইছৰোৰ ওচৰত এটা প্ৰমাণিত উৎক্ষেপণ বাহন, এলভিএম৩ ৰকেট আছে যি চন্দ্ৰলৈ কঢ়িয়াই নিব পৰা সৰ্বোচ্চ ভৰ উত্তোলন কৰাত আৰু তাত গৱেষণা কৰাত সহায় কৰে । এই অন্বেষণৰ বাবে কেইবাটাও পেলোড আৰু ৰোভাৰ কঢ়িয়াইছে আৰু প্ৰদত্ত সম্পদ ব্যৱহাৰ কৰি পৰীক্ষা-নিৰীক্ষা কৰাৰ এইটোৱেই একমাত্ৰ উপায় । এনেদৰে যোৱাটো এক সুচিন্তিত সিদ্ধান্ত । ইছৰোৱে নিৰ্ভৰযোগ্য লঞ্চাৰ এলভিএম৩-ত কোনো পৰিৱৰ্তন কৰা নাই বুলিও তেওঁ উল্লেখ কৰে ।

দীঘলীয়া সময় ল'লেও ইয়াৰ প্ৰদৰ্শন প্ৰভাৱিত নহ'ব । ই ইছৰোক প্ৰতিটো পদক্ষেপ পৰীক্ষা কৰিবলৈ, প্ৰমাণিত কৰিবলৈ আৰু প্ৰতিটো পদক্ষেপ নিখুঁতভাৱে সম্পাদন কৰিবলৈ সময় দিব । ভাৰতীয় মহাকাশ সংস্থাটোৱে প্ৰতিটো পদক্ষেপৰ সৈতে স্থিৰভাৱে আগবাঢ়ি আছে । ইছৰোৱে নিশ্চিত কৰিব লাগিব যে প্ৰতিটো পদক্ষেপ নিখুঁতভাৱে সম্পন্ন কৰা হৈছে । চন্দ্ৰলৈ কঢ়িয়াই অনা ভৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলিও তেওঁ উল্লেখ কৰে । এইটোৱে ইছৰোক সামৰ্থ্য পৰীক্ষা কৰাৰ আটাইতকৈ ডাঙৰ সুযোগ দিছিল । লুনা-২৫ৰ দৰে পোনপটীয়া আৰোহণ আৰু পৰিবহন অভিযানৰ বাবে ইয়াক এক ডাঙৰ ৰকেটৰ প্ৰয়োজন । ই যিকোনো প্ৰমাণীকৰণৰ বাবে কম সময় দিয়ে । কিন্তু সংশোধনমূলক পদক্ষেপৰ বাবে বেছি সময় নাথাকিব বুলিও পদ্মকুমাৰে উল্লেখ কৰে ।

লগতে পঢ়ক :ISRO Chandrayaan-3 live streaming : চন্দ্ৰযান-৩ৰ ছফ্ট লেণ্ডিঙৰ মুহূৰ্তৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা ইছৰোৰ

ABOUT THE AUTHOR

...view details