অসম

assam

Chandrayaan-3 Mission update: কৰ্তব্য সমাপন কৰি জিৰণি লৈছে ‘প্ৰজ্ঞানে’

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 8:48 AM IST

নিজ কাৰ্য সম্পন্ন কৰিছে চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰৰ পৰা চন্দ্ৰপৃষ্ঠত বিচৰণ কৰা ৰ’ভাৰ প্ৰজ্ঞানে ৷ চন্দ্ৰপৃষ্ঠত বৰ্তমান ‘‘শ্লিপিং মোডত আছে ৰ’ভাৰ প্ৰজ্ঞান’’ ৷ পৰৱৰ্তী কাৰ্য সম্পাদন কৰাৰ পাচতো চিৰদিনৰ বাবে চন্দ্ৰতেই থাকিব যাব ৰ’ভাৰ প্ৰজ্ঞান ৷ ISRO এ উল্লেখ কৰা মতে, ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে চিৰদিনৰ বাবে চন্দ্ৰতেই থাকিব ৰ’ভাৰ প্ৰজ্ঞান ৷

Chandrayaan-3 Mission update
চন্দ্ৰত ভাৰতৰ ৰাষ্ট্ৰদূত ৰ’ভাৰ প্ৰজ্ঞান

নেশ্যনেল ডেস্ক, ৩ ছেপ্টেম্বৰ : ইতিমধ্যে নিজ কৰ্তব্য সম্পন্ন কৰিছে ৰ’ভাৰ প্ৰজ্ঞানে ৷ নিজ কৰ্তব্য সম্পাদন কৰাৰ অন্তত চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰৰ পৰা চন্দ্ৰপৃষ্ঠত বিচৰণ কৰা ৰ’ভাৰ প্ৰজ্ঞানে বৰ্তমান চন্দ্ৰপৃষ্ঠতে জিৰণি লৈছে ৷ বৈজ্ঞানিক ভাষাত বৰ্তমান চন্দ্ৰপৃষ্ঠত ‘‘শ্লিপিং মোডত আছে ৰ’ভাৰ প্ৰজ্ঞান’’ ৷ শনিবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ISRO এ সদৰী কৰিছে এই তথ্য ৷

মিছন চন্দ্ৰযান-৩ :

ইতিমধ্যে ৰভাৰ প্ৰজ্ঞানে নিজৰ এচাইনমেণ্ট অৰ্থাৎ কাৰ্য সম্পূৰ্ণ কৰিলে । চন্দ্ৰপৃষ্ঠতে এতিয়া প্ৰজ্ঞানক নিৰাপদে পাৰ্ক কৰা হৈছে ৷ লগতে ৰ’ভাৰ প্ৰজ্ঞানক শ্লিপ মোডত ৰখা হৈছে আৰু প্ৰজ্ঞানৰ AXS আৰু LIBS পেলোডসমূহ বন্ধ কৰা হৈছে ।

সকলোৰে জ্ঞাত যে, ৰ’ভাৰ প্ৰজ্ঞানৰ এই পেলোডসমূহৰ পৰা চন্দ্ৰপৃষ্ঠৰ সকলো তথ্য বিক্ৰম লেণ্ডাৰৰ জৰিয়তে পৃথিৱীলৈ প্ৰেৰণ কৰা হয় । বৰ্তমান প্ৰজ্ঞানৰ বেটাৰী সম্পূৰ্ণ চাৰ্জ হৈ আছে । এই সৌৰ পেনেলটো ২০২৩ চনৰ ২২ ছেপ্টেম্বৰত আশা কৰা মতে পৰৱৰ্তী সূৰ্য উদয়ৰ সময়ত পুনৰ সৌৰ শক্তি গ্ৰহণ কৰিবলৈ সাজু হৈ আছে ।

অৱশ্যে প্ৰজ্ঞানৰ ৰিচিভাৰটো জ্বলি ৰখা হৈছে । কিয়নো চন্দ্ৰপৃষ্ঠৰ আন এটা অংশত নিজৰ কাৰ্য সমাপন কৰাৰ বাবে প্ৰায় সাজু হৈছে ৷ ইতিমধ্যে ISRO ও চন্দ্ৰপৃষ্ঠৰ আন এটা অংশত প্ৰজ্ঞানে নিজ কাৰ্য সম্পাদন কৰিব বুলি আশা কৰিছে ৷ অন্যথা ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে চিৰদিনৰ বাবে চন্দ্ৰতেই থাকিব যাব ৰ’ভাৰ প্ৰজ্ঞান ৷ ISRO এ টুইটাৰ X ৰ জৰিয়তে সদৰী কৰিছে এই তথ্য ৷

প্ৰজ্ঞানে বৰ্তমানলৈকে কৰা গৱেষণাৰ সন্দৰ্ভত বৃহস্পতিবাৰে মহাকাশ সংস্থাটোৱে কয় যে চন্দ্ৰযান-৩ অভিযানত লাভ কৰা তথ্য মতে চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত চালফাৰৰ উপস্থিতি ধৰা পৰিছে বুলি প্ৰমাণিত হৈছে । ISRO এ জনোৱা মতে, প্ৰজ্ঞানত থকা আলফা পাৰ্টিকেল এক্স-ৰে স্পেকট্ৰস্কোপ (X-ray Spectroscope অৰ্থাৎ APXS) যন্ত্ৰটোৱে চন্দ্ৰৰ দক্ষিণত চালফাৰ আৰু আন কিছুমান মৌলৰ উপস্থিতি নিশ্চিত কৰিছে ।

ইয়াৰ পূৰ্বে মঙলবাৰে ISRO এ উল্লেখ কৰিছিল যে, লেজাৰ-ইণ্ডুচড ব্ৰেকডাউন স্পেকট্ৰ’স্ক’প (Laser-Induced Breakdown Spectroscope অৰ্থাৎ LIBS) এ এই অঞ্চলত চালফাৰ উপস্থিতি ধৰা পেলাইছিল ৷ আশা কৰা মতে ISRO ৰ ৰিপ’ট অনুসৰি, এল আই বি এছ যন্ত্ৰটোৱে এলুমিনিয়াম, কেলচিয়াম, আইৰণ, ক্ৰ’মিয়াম, টাইটানিয়াম, মেংগানিজ, চিলিকন আৰু অক্সিজেন ধৰা পেলোৱা বুলি জানিব পৰা গৈছিল ৷

লগতে পঢ়ক :ISRO Aditya L1 Mission : শ্ৰীহৰিকোটাৰ পৰা আদিত্য এল১ৰ সফল উৎক্ষেপণ

ABOUT THE AUTHOR

...view details