নিউজ ডেস্ক, ১৬ আগষ্ট : ভাৰতৰ উচ্চাভিলাষী তৃতীয় চন্দ্ৰ অভিযানৰ মহাকাশযান চন্দ্ৰযান-৩ বুধবাৰে সফলতাৰে পঞ্চম আৰু অন্তিমটো চন্দ্ৰ-আবদ্ধ কক্ষপথ সলনি কৰে । যাৰ ফলত ই চন্দ্ৰপৃষ্ঠৰ আৰু ওচৰলৈ গতি কৰিছে । ইয়াৰ লগে লগে মহাকাশযানখনে ইয়াৰ চন্দ্ৰ-আবদ্ধ কৌশল সম্পূৰ্ণ কৰিছে আৰু ই এতিয়া প্ৰপালচন মডিউল আৰু লেণ্ডাৰ মডিউল পৃথকীকৰণৰ বাবে প্ৰস্তুতি চলাব । ইছৰোৱে কয় ।
"আজিৰ কাৰ্যসূচী সফল হৈছে, এতিয়া অতি কম সময়ৰ প্ৰয়োজন হ'ব, চন্দ্ৰযান-৩-ক বিচৰা মতেই ১৫৩ কিলোমিটাৰ X ১৬৩ কিলোমিটাৰ কক্ষপথত ৰাখিছে । ইয়াৰ লগে লগে চন্দ্ৰ-আবদ্ধ কৌশলবোৰ সম্পূৰ্ণ হৈছে । প্ৰপালচন মডিউল আৰু লেণ্ডাৰ মডিউলে সিহঁতৰ পৃথক যাত্ৰাৰ বাবে সাজু হোৱাৰ বাবে প্ৰস্তুতিৰ সময় হৈছে ।" ৰাষ্ট্ৰীয় মহাকাশ সংস্থাটোৱে টুইট কৰি কয় ।
উল্লেখ্য যে, মহাকাশযানৰ প্ৰপালচন মডিউলৰ পৰা লেণ্ডাৰ মডিউলটো পৃথক কৰাৰ পৰিকল্পনা কৰা হৈছে ১৭ আগষ্টত । ইছৰোৰ টুইটটোত লগতে কোৱা হৈছে । ১৪ জুলাইত চন্দ্ৰযান-৩ উৎক্ষেপণৰ পিছত ই ৫ আগষ্টত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰে । ইয়াৰ পিছত ৬, ৯ আৰু ১৪ আগষ্টত চন্দ্ৰৰ ওচৰলৈ যাবলৈ তিনিটা ক্ৰমাগত কক্ষপথ সলনি কৌশল সফলতাৰে সম্পন্ন কৰা হয় ।