নেশ্যনেল ডেস্ক, 30 আগষ্ট: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বুধবাৰে পুনৰ তন্দ্ৰপৃষ্ঠৰ এখন ছবি প্ৰকাশ কৰিছে ৷ ৰ’ভাৰ প্ৰজ্ঞানে গ্ৰহণ কৰি প্ৰেৰণ কৰা লেণ্ডাৰ বিক্ৰমৰ ছবি টুইটাৰ হেণ্ডেলত প্ৰকাশ কৰিছে ইছৰ’য়ে ৷
ছবি প্ৰকাশ কৰি ইছৰ’য়ে টুইটাৰত লিখিছে, ‘‘প্ৰজ্ঞান ৰভাৰে আজি পুৱা বিক্ৰম লেণ্ডাৰৰ এখন ছবি তুলিছিল । এই ছবিখন ৰ’ভাৰত সংযুক্ত নেভিগেশ্যন কেমেৰাৰ দ্বাৰা তুলা হৈছে ৷ চন্দ্ৰযান-3 মিছনৰ বাবে নেভিগেশ্যন কেমেৰা লেবৰেটৰী ফ’ৰ ইলেক্ট্ৰ’-অপ্টিক্স চিষ্টেমৰ (LEOS) দ্বাৰা নিৰ্মাণ কৰা হৈছে ৷’’
ইয়াৰ পূৰ্বে ইছৰ’য়ে চন্দ্ৰপৃষ্ঠত বিভিন্ন ৰাসায়নিক উপাদান থকাৰ কথা প্ৰকাশ কৰিছিল ৷ মঙলবাৰে ইছৰ’ৱে এক টুইটত কয়, ‘‘ইন-চিটু বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা অব্যাহত আছে... ৰভাৰৰ ওপৰত থকা লেজাৰ-প্ৰেৰিত ব্ৰেকডাউন স্পেক্ট্ৰোস্কোপ (LIBS) সঁজুলিটোৱে প্ৰথমবাৰৰ বাবে ইন-চিটু জোখৰ জৰিয়তে দক্ষিণ মেৰুৰ ওচৰৰ চন্দ্ৰপৃষ্ঠত ছালফাৰ (S)ৰ উপস্থিতি স্পষ্টভাৱে নিশ্চিত কৰে ৷ আশা কৰা অনুসৰি Al, Ca, Fe, Cr, Ti, Mn, Si, আৰু O ৰ উপস্থিতি চিনাক্ত কৰা হৈছে ৷’’