নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ:বুধবাৰেবিজয়াৱাড়াস্থিত নিজা বাসগৃহত উপস্থিত হয়অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা টিডিপিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডু ৷ নাইডুৱে দক্ষতা বিকাশৰ গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল মঙলবাৰে । পুৱা নিজ গৃহত উপস্থিত হোৱাৰ সময়ত নাইডুৰ বাসগৃহৰ বাহিৰত সমবেত হোৱা তেওঁৰ দলৰ সমৰ্থকে তেওঁক উষ্ম আদৰণি জনায় ।
অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে কথিত দক্ষতা বিকাশৰ গোচৰত জামিন মঞ্জুৰ কৰাৰ পিছত মঙলবাৰে ৰাজামুন্দ্ৰী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই আহে নাইডু ৷ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত চন্দ্ৰবাবু নাইডুৱে কয়, "মই বিপদত পৰাৰ সময়ত সমৰ্থক সকলে ৰাজপথলৈ ওলাই আহি মোৰ বাবে প্ৰাৰ্থনা কৰিছিল । কেৱল অন্ধ্ৰ প্ৰদেশতে নহয়, তেলেংগানাবাসীয়েও মোৰ প্ৰতি দেখুওৱা মৰম কেতিয়াও পাহৰিব নোৱাৰো ।"
তেওঁ লগতে কয়, "মোৰ 45 বছৰীয়া কেৰিয়াৰত মই কোনো ভুল কৰা নাই আৰু কাকো কৰিবলৈ নিদিওঁ । সকলো ৰাজনৈতিক দলে মোক সমৰ্থন কৰিছে ৷ সকলোলৈ ধন্যবাদ ।"