অসম

assam

ETV Bharat / bharat

Chandrababu Naidu Case : এলাৰ্জীত ভুগিছে চন্দ্ৰবাবু নাইডু; কাৰাগাৰত স্বাস্থ্য পৰীক্ষা - skill development case against Chandrababu

দক্ষতা বিকাশৰ গোচৰত অভিযুক্ত হৈ এমাহৰো অধিক সময় ধৰি কাৰাগাৰত বন্দী হৈ থকা টিডিপি প্ৰধান চন্দ্ৰবাবুৰ স্বাস্থ্যক লৈ উদ্বেগ প্ৰকাশ কৰিছে তেওঁৰ পৰিয়ালৰ সদস্য তথা দলটোৱে ।

এলাৰ্জীত ভুগিছে চন্দ্ৰবাবু নাইডু
Chandrababu Naidu Case

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 4:10 PM IST

নিউজ ডেস্ক, ১৩ অক্টোবৰ :ৰাজামুন্দ্ৰী কাৰাগাৰত বন্দী তেলেগু দেশম পাৰ্টীৰ মুৰব্বী চন্দ্ৰবাবু ছালৰ এলাৰ্জীত ভুগিছে । অত্যধিক গৰম আৰু শ্বাসৰুদ্ধ হোৱাৰ বাবে তেওঁ এলাৰ্জীত ভুগিছে । কাৰাগাৰৰ বিষয়াসকলে ৰাজমহেন্দ্ৰভাৰাম চৰকাৰী চিকিৎসালয়ক এই বিষয়ে অৱগত কৰিছে । আনহাতে, চিকিৎসকৰ দলটোৱে কাৰাগাৰলৈ গৈ চন্দ্ৰবাবুৰ স্বাস্থ্য পৰীক্ষা কৰে ।

আনহাতে, দক্ষতা বিকাশৰ গোচৰত অভিযুক্ত হৈ এমাহৰো অধিক সময় ধৰি কাৰাগাৰত বন্দী হৈ থকা টিডিপি প্ৰধান চন্দ্ৰবাবুৰ স্বাস্থ্যক লৈ উদ্বেগ প্ৰকাশ কৰিছে তেওঁৰ পৰিয়ালৰ সদস্য তথা দলটোৱে । ইয়াৰ মাজতে চন্দ্ৰবাবুৱে কৈছিল যে বিগত কেইদিনমানত তেওঁ কাৰাগাৰত ডিহাইড্ৰেচনত ভুগিছিল যদিও কাৰাগাৰ কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । শেহতীয়াভাৱে এইটো অনুমান কৰা হৈছে যে চন্দ্ৰবাবুৱে তীব্ৰ সূৰ্যৰ তাপ আৰু গৰমৰ বাবে এলাৰ্জীৰ সমস্যাত ভোগে । চন্দ্ৰবাবুৱে কাৰাগাৰৰ বিষয়াসকলক এই বিষয়টো অৱগত কৰে ।

কাৰাগাৰৰ বিষয়াসকলে লগে লগে চন্দ্ৰবাবুৰ চিকিৎসাৰ বিষয়ে ৰাজমহেন্দ্ৰভাৰামৰ চৰকাৰী চিকিৎসালয়ক অৱগত কৰে । তাৰ পিছত চিকিৎসকসকল কাৰাগাৰলৈ গৈ চন্দ্ৰবাবুৰ স্বাস্থ্য পৰীক্ষা কৰে । এগৰাকী সহকাৰী অধ্যাপক আৰু জিজিএইচৰ সহযোগী অধ্যাপকে সন্ধিয়া প্ৰায় ৫ বজাত কাৰাগাৰলৈ গৈ চন্দ্ৰবাবুক পৰীক্ষা কৰে । তেওঁলোক ৬.৩০ বজাত কাৰাগাৰৰ পৰা ওলাই আহে । অৱশ্যে সংবাদ মাধ্যমে তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে সোধা-পোছা কৰিবলৈ চেষ্টা কৰে যদিও চন্দ্ৰবাবুৱে এই বিষয়ত কিবা ক'বলৈ অস্বীকাৰ কৰে ।

চন্দ্ৰবাবুৰ বাহু, বুকু আৰু থুঁতৰিত ঘা হোৱা বুলিও জানিব পৰা গৈছে । কাৰাগাৰৰ ভাৰপ্ৰাপ্ত ছুপাৰভাইজাৰ ৰাজকুমাৰে এই সন্দৰ্ভত কয় যে ছালৰ এলাৰ্জীৰ বাবে চন্দ্ৰবাবুক চিকিৎসা বিশেষজ্ঞৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল । তেওঁ কয় যে চন্দ্ৰবাবুৰ স্বাস্থ্যৰ বাবে চিকিৎসকে দিয়া ঔষধ প্ৰদান কৰা হ'ব । আনহাতে, চন্দ্ৰবাবুৰ স্বাস্থ্য সুস্থিৰ আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই বুলি এখন বুলেটিনো প্ৰকাশ কৰা হৈছে ।

ইফালে পৰিয়ালৰ সদস্যসকলে শেহতীয়াভাৱে উল্লেখ কৰিছিল যে চন্দ্ৰবাবু কিছুদিনৰ পৰা কাৰাগাৰত অত্যধিক গৰম আৰু শ্বাসৰুদ্ধ হোৱাৰ বাবে ডিহাইড্ৰেটেড হৈছিল । তেওঁৰ পত্নী ভুৱনেশ্বৰী আৰু বোৱাৰী ব্ৰহ্মীয়ে মঙলবাৰে চন্দ্ৰবাবুক কাৰাগাৰত লগ কৰে । তেওঁলোকে প্ৰকাশ কৰে যে চন্দ্ৰবাবু ডিহাইড্ৰেটেড আছিল । আনহাতে, পুত্ৰ লোকেশে বুধবাৰে কয় যে তেওঁৰ মাতৃয়ে তেওঁক কৈছে যে চন্দ্ৰবাবুক অলস দেখা গৈছিল আৰু তেওঁৰ মুখখন শেতা পৰি আছিল ।

লগতে পঢ়ক :Delhi Liquor scam case: দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিল আপ সাংসদ সঞ্জয় সিং

ABOUT THE AUTHOR

...view details