নেশ্যনেল ডেস্ক, 23 আগষ্ট :ইতিহাস সৃষ্টি কৰি চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিলে ভাৰতৰ চন্দ্ৰযান-3 য়ে ৷ ইয়াৰ লগে লগে বিলৰ মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল দেশবাসী ৷ ইছৰ’ৰ বিজ্ঞানীসকলৰ অশেষ প্ৰচেষ্টাৰ অন্তত ইতিহাস ৰচিলে ভাৰতে ৷ এই মাহেন্দ্ৰ ক্ষণৰ সাক্ষী হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷
বিজ্ঞানীসকলে সুখী হৈ কয় যে, "চন্দ্ৰ মামা তেনেই দূৰত বুলি কয়, কিন্তু আজি আমি ক’ব পাৰো যে চন্দ্ৰ এতিয়া ভাৰতৰ তথা আমাৰ ঘৰৰ ৷" এই সফলতাৰ পিচতে চন্দ্ৰপৃষ্ঠত ছফ্ট লেণ্ডিং কৰা চতুৰ্থখন দেশ আৰু চন্দ্ৰৰ দক্ষিণ মেৰুত ছফ্ট লেণ্ডিং কৰা ভাৰত বিশ্বৰ প্ৰথমখন দেশ হিচাবে অভিলেখ ৰচনা কৰিছে ৷
চন্দ্ৰযান-3 সফল অৱতৰণৰ পিচতে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ইৰছ’ৰ বিজ্ঞানীসকলক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰি কয় যে, এয়া ভাৰতৰ বাবে এক গৌৰৱময় ক্ষণ, এই ক্ষণ অবিৰস্মণীয়, এই ক্ষণ অভূতপূৰ্ব, এই ক্ষণ নৱভাতৰ জয়গানৰ মুহূৰ্ত ৷ এতিয়াৰ পৰা ভাৰতে চন্দ্ৰপৃষ্ঠক অন্য দৃষ্টিৰে চাব পাৰিব ৷ আমাৰ ভৱিষ্যত প্ৰজন্মই চন্দ্ৰৰ কাহিনী এতিয়াৰ পৰা বেলেগকৈ শুনিব ৷ আমি পৃথিৱীত সপোন দেখিছিলো সেয়া চন্দ্ৰলৈ গৈ সাকাৰ হ’ল ৷