নিউজ ডেস্ক, 3 জানুৱাৰী: দেওবাৰে ছত্তীশগড় বিজাপুৰ জিলাৰ পৰা এজন নক্সালবাদীক আটক কৰে ছত্তীশগড় আৰক্ষীয়ে ৷ জিলা আৰক্ষীৰ এক সুত্ৰই সদৰী কৰা মতে, নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ কৰা উদ্দেশ্যে বিজাপুৰৰ এটা অঞ্চলত বাহৰ পাতি আছিল নক্সাল জনে ৷
উল্লেখ্য যে, ছত্তীশগড়ৰ সশস্ত্ৰ বাহিনী (চিএএফ) আৰু জিলা আৰক্ষীৰ এক যৌথ অভিযানত মিৰাটৰ আৰক্ষীৰ থানাৰ অন্তৰ্গত ক'কডিপাৰা গাঁৱৰ এটা ঘৰৰ পৰা আটক কৰা হয় নক্সাল জনক ৷ লোকজনৰ জনৰ নাম সমলু কাশ্যপ (40) বুলি জানিবলৈ দিছে জিলা আৰক্ষী সুত্ৰই ৷