নেশ্যনেল ডেস্ক,২৫ ছেপ্টেম্বৰ : দেশৰ নিৰ্বাচনমুখী ৰাজ্যসমূহত ৰাজনৈতিক নেতাসকলৰ বাকযুদ্ধ আৰম্ভ হৈছে । কেতিয়াবা যদি বিজেপি, কেতিয়াবা আকৌ কংগ্ৰেছ দলৰ নেতাসকলে ৰাজ্যসমূহত উপস্থিত হৈ ভোটাৰক আকৰ্ষণৰ চেষ্টা চলাইছে । তাৰ মাজতে দলীয় নেতাসকলৰ বাকযুদ্ধই বিশেষ চৰ্চা লাভ কৰিছে । ছত্তীশগড় বিধানসভা নিৰ্বাচনৰো ৰাজনৈতিক যুঁজ আৰম্ভ হৈছে । সোমবাৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে ছত্তীশগড় ভ্ৰমণ কৰে । তেওঁ বিলাসপুৰত ছত্তীশগড় গ্ৰাম্য গৃহ ন্যায় আঁচনিৰ শুভাৰম্ভ কৰে । বিলাসপুৰত তেওঁ অ'বিচি শ্ৰেণীৰ বিষয়টো উত্থাপন কৰে আৰু মোদী চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে ।
অ'বিচি সম্প্ৰদায়ৰ প্ৰসংগত তেওঁ পোনপটীয়াকৈ মোদী চৰকাৰক লক্ষ্য কৰি লয় । ৰাহুল গান্ধীয়ে অভিযোগ কৰা মতে এতিয়া এটা নতুন সমস্যাৰ উদ্ভৱ হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য'তেই যায়, তেওঁ অ'বিচি শ্ৰেণীৰ বিষয়ে কয় । কংগ্ৰেছ দলে জাতিগত লোকপিয়লৰ আয়োজন কৰিছিল । ভাৰতত প্ৰতিটো জাতিৰ কিমানগৰাকী লোক আছে ? তাত উল্লেখ আছে । ৰাহুল গান্ধীৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই তথ্যসমূহ ৰাইজক দেখুৱাব নিবিচাৰে ।
ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ বিজেপিয়ে অ'বিচি সম্প্ৰদায়ৰ লোকক প্ৰতাৰণা কৰিছে । চৰকাৰে আঁচনিসমূহত দলিত আৰু মহিলাসকলৰ অংশগ্ৰহণ বন্ধ কৰিবলৈ কাম কৰি আছে । কংগ্ৰেছ নেতাগৰাকীৰ অভিযোগ অনুসৰি বিজেপি চৰকাৰৰ ৯০ গৰাকী সচিবৰ ভিতৰত মাত্ৰ ৩ জন হে অ'বিচি শ্ৰেণীৰ ।