অসম

assam

ETV Bharat / bharat

নিৰ্বাচনী আচৰণ বিধি উলংঘন সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ জাননী

নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড৹ মানিক সাহালৈ নিৰ্বাচন আয়োগৰ জাননী (ECI notice to Tripura CM) । মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ত্ৰিপুুৰাৰ উত্তৰ জিলা আৰু ধলাই জিলাত নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ । ৩ দিনৰ ভিতৰত জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ ৷

CM
নিৰ্বাচনী আচৰণ বিধি উলংঘন সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ জাননী

By

Published : May 31, 2022, 1:30 PM IST

আগৰতলা, ৩১ মে':ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ (Tripura CM accused of violating election MCC) । ত্ৰিপুৰা ৰাজ্যিক সমিতিৰ চিপিআই(এম) ৰ সচিব জীতেন্দ্ৰ চৌধুৰীয়ে এই অভিযোগ দাখিল কৰিছে (Tripura CPIM accuses CM of violating election MCC) । ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে মুখ্যমন্ত্ৰী ড০ মানিক সাহালৈ জাননী জাৰি কৰিছে (ECI notice to Tripura CM) ।

উল্লেখ্য যে, উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজ্যখনৰ তিনিখন জিলাসহ ৪ টাকৈ সমষ্টিত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ আছে । এনে সময়তে শেহতীয়াকৈ উত্তৰ ত্ৰিপুৰা জিলা আৰু ধলাই জিলা ভ্ৰমণ কৰিছে মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই । কিন্তু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই ভ্ৰমণৰ সময়ত নিৰ্বাচনী প্ৰচাৰৰ লগতে চৰকাৰী কামৰ পৰ্যালোচনা কৰাৰ অভিযোগ উঠিছে । চিপিআইএমৰ নেতাগৰাকীয়ে অভিযোগ কৰা মতে, মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকা স্থানত নিৰ্বাচনী প্ৰচাৰৰ লগতে চৰকাৰী কামৰ পৰ্যালোচনা কৰিছে ।

নিৰ্বাচন আয়োগৰ নীতি অনুসৰি, কোনো ৰাজ্যিক বা কেন্দ্ৰীয় মন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকা স্থানত ভ্ৰমণৰ সময়ত চৰকাৰী আৰু নিৰ্বাচনী কাম সম্পন্ন কৰিব নোৱাৰিব । আনহাতে তেওঁলোকে চৰকাৰী বাহন বাসগৃহৰ পৰা মুখ্য কাৰ্যালয়লৈ চৰকাৰী কামৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব । নিৰ্বাচনী প্ৰচাৰ বা দলীয় কাৰ্যালয়লৈ যাবলৈ ব্যৱহাৰ কৰিব নোৱাৰে ।

এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচন আয়োগৰ এই নিয়ম উলংঘনৰ অভিযোগ কৰিছে চিপিআইএমৰ নেতাগৰাকীয়ে । ইফালে নেতাগৰাকীৰ অভিযোগৰ পাছতে নিৰ্বাচন আয়োগে মুখ্যমন্ত্ৰীৰ পিপিএছ গৌতম চক্ৰৱৰ্তীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ জাননী প্ৰেৰণ কৰিছে । পৰৱৰ্তী তিনি দিনৰ ভিতৰত জাননীৰ উত্তৰ দিবলৈও কোৱা হৈছে ।

লগতে পঢ়ক :Former Tripura Minister came under attack : দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা প্ৰাক্তন মন্ত্ৰী ৰতন ভৌমিকৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details