নিউজ ডেস্ক, ২০ জুন : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে উত্তৰ প্ৰদেশ আৰু বিহাৰলৈ বিশেষজ্ঞৰ এটা দল প্ৰেৰণ কৰিব । গ্ৰীষ্ম প্ৰৱাহ সম্পৰ্কীয় ৰোগৰ মোকাবিলা কৰাৰ বাবে জনস্বাস্থ্য সঁহাৰি ব্যৱস্থা হিচাপে ৰাজ্য প্ৰশাসনক সহায় কৰিব এই দলটোৱে ।
মঙলবাৰে ৰাজধানী দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্য়ৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই সন্দৰ্ভত এজন চৰকাৰী বিষয়াই কয় যে দলটোত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়, আইচিএমআৰ, আইএমডি আৰু এনডিএমএৰ প্ৰতিনিধিসকল থাকিব । সজাগতা আৰু প্ৰাৰম্ভিক পদক্ষেপৰ জৰিয়তে শক্তিশালী আৰু সময়মতে প্ৰস্তুতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি মাণ্ডৱিয়াই আইচিএমআৰক নিৰ্দিষ্ট হ্ৰস্ব, মধ্যমীয়া আৰু দীৰ্ঘম্যাদী কাৰ্য পৰিকল্পনাৰে স্বাস্থ্যৰ ওপৰত তাপ তৰংগৰ প্ৰভাৱ কেনেদৰে হ্ৰাস কৰিব পাৰি তাৰ ওপৰত গৱেষণা কৰিবলৈও নিৰ্দেশ দিয়ে ।
স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰই গ্ৰীষ্মকালৰ পূৰ্বে গ্ৰীষ্ম প্ৰৱাহৰ সৈতে সম্পৰ্কিত ৰোগৰ মোকাবিলা কৰিবলৈ সময়মতে ব্যৱস্থা গ্ৰহণ কৰিছে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্চ মাহত গ্ৰীষ্মকালৰ পূৰ্বে প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ এখন বৈঠকত সভাপতিত্ব কৰিছিল । আনহাতে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ফেব্ৰুৱাৰী মাহত তাপ তৰংগৰ পৰামৰ্শ জাৰি কৰে । ইয়াত ৰাজ্যসমূহক অত্যাৱশ্যকীয় ঔষধ, ইণ্ট্ৰাভেনাছ ফ্লুইডছ (intravenous fluids), পেক (packs), অ'আৰএছ (ORS), খোৱাপানীৰ লগতে প্ৰয়োজনীয় আইইচি সামগ্ৰীৰ দৰে স্বাস্থ্য সুবিধাৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ পৰামৰ্শ দিয়া হয় ।
তেওঁ কয়, "তাপ-সম্পৰ্কীয় ৰোগৰ ওপৰত ৰাষ্ট্ৰীয় কাৰ্যপৰিকল্পনাও সকলো ৰাজ্যৰ সৈতে শ্বেয়াৰ কৰা হৈছে ।" বৈঠকত মাণ্ডাৱিয়াক বিভিন্ন ৰাজ্যত তাপ তৰংগৰ স্থিতি আৰু সময়মতে আৰু কাৰ্যকৰী স্বাস্থ্যসেৱা প্ৰদানৰ বাবে প্ৰয়োজনীয় যোগান আৰু চিকিৎসালয়ৰ আন্তঃগাঁথনিৰ উপলব্ধতাৰ ক্ষেত্ৰত কেন্দ্ৰীয় সংস্থাসমূহৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰোৱা হয় ।