নেশ্যনেল ডেস্ক, ২৭ নৱেম্বৰ: শুকুৰবাৰে দিনজোৰা ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশৰ টাৱাঙত উপস্থিত হয় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়া(Union Health Minister Mandaviya in Tawang) । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খান্দ্ৰো দ্ৰোৱা জাংমো জিলা চিকিৎসালয়ত স্বাস্থ্য সেৱা কৰ্মীৰ সৈতে মত বিনিময় কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰে বিভিন্ন স্বাস্থ্য কল্যাণ আঁচনিৰ জৰিয়তে সকলোৰে স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে কাম কৰি আছে ।
তেওঁ লগতে জনায় যে, কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী ৫ বছৰত স্বাস্থ্য খণ্ডত ৬৪,০০০ কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে(Mansukh Mandaviya on 64000 crore investment) । স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি উন্নীত কৰাৰ উদ্দেশ্যেৰে এই কেন্দ্ৰই এই পুঁজি আগবঢ়াব(Centre to invest in health sector) ।
মাণ্ডৱিয়াই কয় যে, পূৰ্বে কেতিয়াও স্বাস্থ্যক সম্পদ হিচাপে গণ্য কৰা হোৱা নাছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন কল্যাণকামী আঁচনিৰ জৰিয়তে সকলোৰে স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়াস কৰি আছে । কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ লাভালাভৰ প্ৰসংগ উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ সৈতে কাম কৰাৰ যথেষ্ট প্ৰয়োজন আছে । এই মিছনে ৰোগী এজনৰ পূৰ্বৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে জনাত সহায় কৰে আৰু সেই অনুসৰি উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰা যায় ।