অসম

assam

ETV Bharat / bharat

কেন্দ্ৰীয় চৰকাৰে শ্ৰীনগৰৰ পৰ্যটন উদ্যোগৰ বাবে অনুষ্ঠিত কৰিব বিশেষ অনুষ্ঠান

11 এপ্ৰিলৰ পৰা 13 এপ্ৰিললৈ কাশ্মীৰৰ শ্ৰীনগৰত "টেপিং দ্যা প'টেঞ্চিয়েল অৱ কাশ্মীৰ: এনাদাৰ ডে ইন পেৰাডাইচ" শীৰ্ষক এক বৃহৎ পৰ্যটন প্ৰচাৰৰ অনুষ্ঠান আয়োজন কৰিছে ৷ জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেন্ট গৱৰ্ণৰ মনোজ সিনহা আৰু কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতিক মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰি প্ৰতিনিধি সকলক সম্বোধন কৰিব ৷

কেন্দ্ৰীয় চৰকাৰে শ্ৰীনগৰৰ পৰ্যটন উদ্যোগৰ বাবে অনুষ্ঠিত কৰিব বিশেষ অনুষ্ঠান
কেন্দ্ৰীয় চৰকাৰে শ্ৰীনগৰৰ পৰ্যটন উদ্যোগৰ বাবে অনুষ্ঠিত কৰিব বিশেষ অনুষ্ঠান

By

Published : Apr 11, 2021, 1:37 PM IST

নেশ্যনেল ডেস্ক,11 এপ্ৰিল: কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ে 11 এপ্ৰিলৰ পৰা 13 এপ্ৰিললৈ কাশ্মীৰৰ শ্ৰীনগৰত "টেপিং দ্যা প'টেঞ্চিয়েল অৱ কাশ্মীৰ: এনাদাৰ ডে ইন পেৰাডাইচ" শীৰ্ষক এক বৃহৎ পৰ্যটন প্ৰচাৰৰ অনুষ্ঠান আয়োজন কৰিছে ৷ জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেন্ট গৱৰ্ণৰ মনোজ সিনহা আৰু কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতিক মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰি প্ৰতিনিধি সকলক সম্বোধন কৰিব ৷ এই অনুষ্ঠানটো জম্মু-কাশ্মীৰ পৰ্যটন বিভাগ, ফেডাৰেচন অৱ ইণ্ডিয়া চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ (এফআইচিচিআই) আৰু ইণ্ডিয়ান গল্ফ টুৰিজম এছ'চিয়েশ্যন (আইজিটিএ)ৰ সহযোগত 11-13 এপ্ৰিললৈ এই অনুষ্ঠানৰ আয়োজন কৰিছে ।

জম্মু-কাশ্মীৰৰ পৰ্যটন বিভাগক উন্নত কৰাৰ লগতে ইকো, দুঃসাহসিক অভিযান, চলচিত্ৰ, বিবাহৰ ৰীতি-নীতি আদি বিষয় সমূহ পৰ্যটন বিভাগৰ অন্তৰ্ভুক্ত কৰাৰ বাবে এক আলোচনাত মিলিত হ'ব ৷ এই আলোচনাত পৰ্যটন মন্ত্ৰালয়ৰ সচিব অৰবিন্দ সিঙৰ লগতে আন আন জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকিব ৷ জম্মু-কাশ্মীৰ পৰ্যটন বিভাগেও বিখ্যাত ডাল হ্ৰদত লেজাৰ শ্ব'ৰ আয়োজন কৰি তাত এক সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত কৰিব। য'ত কেনিয়া, ভিয়েটনাম আৰু জৰ্জিয়াৰ কূটনীতিবিদ আৰু দেশৰ অন্যান্য আগশাৰীৰ গ’ল্ফাৰসহ আমন্ত্ৰণ জনোৱা আগশাৰীৰ বিষয়ববীয়াসকলৰ বাবে শ্ৰীনগৰৰ মনোৰম ৰয়েল স্প্ৰিংছ গ’ল্ফ কোৰ্চত এক গ’ল্ফ টুৰ্ণামেণ্টৰো আয়োজন কৰা হৈছে।

লগতে পঢ়ক: জন্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত তিনি সন্ত্ৰাসবাদী

ABOUT THE AUTHOR

...view details