নেশ্যনেল ডেস্ক,১৬ জুন :নতুন দিল্লীস্থিত নেহৰু স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰালৰ নাম সলনি হ'ব । নাম সলনি কৰি প্ৰধানমন্ত্ৰী সংগ্ৰহালয় আৰু চ'ছাইটী ৰখাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে । চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে বিৰোধী ক্ষোভিত হৈ পৰিছে । নেহৰু স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰালৰ নাম সলনি কৰাৰ কেন্দ্ৰৰ সিদ্ধান্তক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছে ।
কেন্দ্ৰক সমালোচনা কৰি জ্যেষ্ঠ নেতা তথা কংগ্ৰেছৰ মুখপাত্ৰ জয়ৰাম ৰমেশে টুইট কৰি কয় যে মোদী সংকীৰ্ণতা আৰু প্ৰতিশোধৰ আন এটা নাম । প্ৰায় ৫৯ বছৰ পুৰণি নেহৰু স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল হৈছে বিশ্বৰ অন্যতম বৌদ্ধিক লেণ্ডমাৰ্ক আৰু গ্ৰন্থ আৰু আৰ্কাইভৰ ভাণ্ডাৰ । তেওঁ প্ৰশ্ন কৰা মতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় ৰাষ্ট্ৰ-ৰাজ্যৰ স্থপতিবিদৰ নাম আৰু উত্তৰাধিকাৰ বিকৃত, অৱমাননা আৰু ধ্বংস কৰিবলৈ কি নকৰে ? প্ৰধানমন্ত্ৰী এজন স্বঘোষিত বিশ্বগুৰু হৈ পৰিছে বুলি দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।
নেহৰু স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰালৰ এখন বিশেষ সভাৰ পাছতে নামটো সলনি কৰাৰ সিদ্ধান্তত অনুমোদন জনোৱা হৈছিল । চ'ছাইটীৰ বিশেষ বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সভাপতিত্ব কৰে । ৰাজনাথ সিং চ'ছাইটীৰ উপ-সভাপতিও । কাৰ্যবাহী পৰিষদৰ সদস্য সূৰ্য প্ৰকাশে কয় যে চ'ছাইটীৰ সাধাৰণ সংস্থাৰ দ্বাৰা প্ৰস্তাৱটো গৃহীত হয় । গণতন্ত্ৰৰ প্ৰতি প্ৰতিশ্ৰুতিৰ পুনৰাবৃত্তি হিচাপে এই পদক্ষেপ লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে ।