নেশ্যনেল ডেস্ক, ২৯ ডিচেম্বৰ :গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পশ্চিমবংগৰ জনসাধাৰণৰ বাবে উদ্বেগজনক খবৰ । দিল্লীৰ ৰাজপথত নাথাকিব ৰাজ্যখনৰ প্ৰতীকপট । কেন্দ্ৰীয় চৰকাৰে পুনৰ এবাৰ পশ্চিমবংগৰ গণৰাজ্য দিৱসৰ কুচকাৱাজৰ বাবে প্ৰেৰণ কৰা প্ৰতীকপট নাকচ কৰিছে । এইবাৰ ৰাজ্যখনৰ প্ৰতীকপট আছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী চৰকাৰৰ 'কন্যাশ্ৰী' আঁচনিৰ ওপৰত । যি আঁচনিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক প্ৰশংসা লাভ কৰিছে ।
বাল্যবিবাহ বন্ধ কৰিবলৈ, বিদ্যালয়ত ড্ৰপ-আউটৰ হাৰ হ্ৰাস কৰিবলৈ আৰু মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ ২০১২ চনত আৰম্ভ কৰা 'কন্যাশ্ৰী' আঁচনিয়ে বৰ্তমান ৮১ লাখ যুৱতীক লাভান্বিত কৰিছে । আঁচনিখনৰ অধীনত, ৰাজ্যখনৰ অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ ১৩ ৰ পৰা ১৯ বছৰ বয়সৰ কিশোৰীসকলক বৃত্তি প্ৰদান কৰা হৈছে । আঁচনিখনে ইতিমধ্যে ইউনেস্কো আৰু ৰাষ্ট্ৰসংঘৰ পৰা সৰ্বোচ্চ ৰাজহুৱা সেৱাৰ বঁটা লাভ কৰিছে আৰু কেন্দ্ৰৰ পৰাও কেইবাবাৰো শ্ৰেষ্ঠ প্ৰকল্পৰ বঁটা লাভ কৰিছে ।
নবান্ন ৰাজ্যিক সচিবালয়ৰ সূত্ৰৰ মতে 'কন্যাশ্ৰী' প্ৰতীকপটৰ নক্সাৰ অনুমোদনৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছিল । অৱশ্যে, সূত্ৰৰ মতে এই প্ৰতীকপট প্ৰদৰ্শন কৰাৰ বাবে ৰাজ্যখনক সুযোগ নিদিয়াকৈ প্ৰস্তাৱটো পোনপটীয়াকৈ নাকচ কৰা হৈছে । কন্যাশ্ৰী প্ৰতীকপট ৰাজ্য চৰকাৰে ২০১৫ আৰু ২০২০ চনতো প্ৰেৰণ কৰিছিল কিন্তু দুয়োবাৰে কেন্দ্ৰই নাকচ কৰিছিল ।
এতিয়ালৈকে পশ্চিমবংগই প্ৰেৰণ কৰা প্ৰতীকপট ২০১৫, ২০১৭, ২০২০ আৰু ২০২২ চনত নাকচ কৰা হৈছে । ২০২২ চনত কেন্দ্ৰই নেতাজী সুভাষ চন্দ্ৰ বসু আৰু তেওঁৰ ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ ওপৰত ৰাজ্যখনৰ প্ৰতীকপট প্ৰত্যাখ্যান কৰিছিল । তাৰ পিচত মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি এই সিদ্ধান্তটো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই কৈছিল যে ই পশ্চিমবংগৰ লোকসকলক দুখ দিছে ।