নিউজ ডেস্ক, ১৩ মাৰ্চ :বিত্ত মন্ত্ৰালয়ে সোমবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪-ৰ উদ্ধৃতি দি ৰাজহুৱা খণ্ডৰ বেংকসমূহে আদানি গ্ৰুপক দিয়া ঋণ আৰু ঋণ সম্পৰ্কীয় বিৱৰণ প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে (Centre refuses to disclose Adani Group bank loan)
বিষয়টো সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে (FM Nirmala Sitharaman on Adani group bank loan) এক লিখিত উত্তৰত কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪-ৰ ধাৰা ৪৫ই অনুসৰি (Reserve Bank of India Act 1934), ভাৰতীয় ৰিজাৰ্ভ বেংকক ঋণৰ তথ্য প্ৰকাশ কৰাৰ পৰা বাৰণ কৰা হৈছে (FM Nirmala Sitharaman on Adani at Rajya Sabha) । "ধাৰা 45ই-ত প্ৰদান কৰা হৈছে যে বেঙ্কে দাখিল কৰা ঋণৰ তথ্য গোপনীয় বুলি গণ্য কৰা হ'ব আৰু সেয়া প্ৰকাশ বা অনাৱৰণ কৰা নহ'ব (section 45E of Reserve Bank of India Act) ।" সীতাৰমণে কয় ।
আদানি গ্ৰুপলৈ ৰাজহুৱা খণ্ডৰ বীমা কোম্পানীবোৰৰ ঋণৰ ক্ষেত্ৰত বিত্তমন্ত্ৰীয়ে কয় যে ভাৰতীয় জীৱন বীমা নিগমৰ (Life Insurance Corporation of India, LIC) মতে, আদানি গ্ৰুপ অব কোম্পানিজৰ ওচৰত ইয়াৰ ঋণ 31 ডিচেম্বৰ, 2022 আৰু 5 মাৰ্চ, 2023 তাৰিখলৈকে ক্ৰমান্বয়ে 6,347.32 কোটি টকা আৰু 6,182.64 কোটি টকা আছিল । "পাঁচটা ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানীয়ে জনাইছে যে এই কোম্পানীবোৰৰ আদানি গ্ৰুপ অব কোম্পানিজৰ লগত কোনো ঋণৰ সম্পৰ্ক নাই ।" তেওঁ লগতে কয় ।