অসম

assam

ETV Bharat / bharat

দিল্লীৰ অক্সিজেন কোটা ৪৮০ মেট্ৰিকটনলৈ বৃদ্ধি - দিল্লীৰ অক্সিজেন কোটা

দিল্লীৰ কেইবাখনো ব্যক্তিগত আৰু চৰকাৰী চিকিৎসালয়ত ক'ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ চিকিৎসা অক্সিজেন কম হোৱাত কেন্দ্ৰই বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ অক্সিজেন কোটা ৩৭৮ মেট্ৰিক টনৰ পৰা ৪৮০ মেট্ৰিক টনলৈ বৃদ্ধি কৰে ।

দিল্লীৰ অক্সিজেন কোটা ৪৮০ মেট্ৰিকটনলৈ বৃদ্ধি
দিল্লীৰ অক্সিজেন কোটা ৪৮০ মেট্ৰিকটনলৈ বৃদ্ধি

By

Published : Apr 22, 2021, 3:45 PM IST

নেশ্যনেল ডেস্ক, ২২ এপ্ৰিল: দিল্লীৰ চিকিৎসালয়সমূহত অক্সিজেনৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে ক'ভিড ৰোগীয়ে । দিল্লীৰ কেইবাখনো ব্যক্তিগত আৰু চৰকাৰী চিকিৎসালয়ত ক'ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ চিকিৎসা অক্সিজেন কম হোৱাত কেন্দ্ৰই বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ অক্সিজেন কোটা ৩৭৮ মেট্ৰিক টনৰ পৰা ৪৮০ মেট্ৰিক টনলৈ বৃদ্ধি কৰে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে । দিল্লী চৰকাৰে এক বিবৃতিযোগে কয় যে ওড়িশা, পশ্চিমবংগ, উত্তৰাখণ্ড, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু হিমাচল প্ৰদেশৰ পৰা কেন্দ্ৰই দিল্লীলৈ ৪৮০ মেট্ৰিক টন অক্সিজেন যোগান ধৰিব ।

লক্ষণীয় বিষয় যে, ৪৮০ মেট্ৰিক টনৰ ওড়িশাৰ পৰা ১০০ মেট্ৰিক টন অক্সিজেন (৭০ মেট্ৰিক টন) আৰু পশ্চিমবংগৰ (৩০ মেট্ৰিক টন) দিল্লী পাবলৈ প্ৰায় ৭২ ঘণ্টা সময় লাগিব । ইফালে, হাৰিয়ানাই যোগান ধৰিবলগীয়া ১৪০ মেট্ৰিক টন অক্সিজেন বুধবাৰে নিশা প্ৰায় ৮ বজাত দিল্লীলৈ ৰাওনা হোৱা নাছিল । সোমবাৰে আৰু মঙলবাৰে, প্ৰতিদিনে ৭০০ মেট্ৰিক টনৰ প্ৰয়োজনীয়তাৰ বিপৰীতে দিল্লীলৈ প্ৰায় ২৪০ মেট্ৰিক টন আৰু ৩৬৫ মেট্ৰিক টন অক্সিজেন যোগান ধৰা হৈছিল । যিহেতু দিল্লীৰ নিজা অক্সিজেনৰ উৎস নাই গতিকে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পৰা অক্সিজেন যোগান ধৰা হয় ।

ইফালে, হাৰিয়ানা চৰকাৰৰ এগৰাকী বিষয়াই ফৰিদাবাদৰ এটা কাৰখানাৰ পৰা দিল্লীলৈ অক্সিজেন যোগান বন্ধ কৰিছে বুলি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই এক সংবাদমেলত অভিযোগ উত্থাপন কৰে । চুবুৰীয়া ৰাজ্যখনে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে । যদিহে দিল্লীৰ চিকিৎসালয়সমূহত অক্সিজেনৰ কোটা হ্ৰাস হয়, তেন্তে দিল্লীয়ে এক দুৰ্যোগৰ পিনে গতি কৰি আছে বুলি কেজৰিৱাল চৰকাৰে এক বিবৃতিত প্ৰকাশ কৰে ।

লগতে পঢ়ক: বৃহস্পতিবাৰৰ পৰা ত্ৰিপুৰাত নৈশ সান্ধ্য আইন জাৰি

ABOUT THE AUTHOR

...view details