অসম

assam

ETV Bharat / bharat

সুভেন্দু অধিকাৰীক কেন্দ্ৰৰ 'Z' পৰ্যায়ৰ সুৰক্ষা প্ৰদান

তৃণমূল কংগ্ৰেছৰ সদ্য পদত্যাগী নেতা সুভেন্দু অধিকাৰীয়ে বুধবাৰে দলৰ প্ৰধান আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ প্ৰদান কৰে । তেওঁ ৰাজ্যৰ বিধানসভাৰ পৰাও পদত্যাগ কৰে ।

সুভেন্দু অধিকাৰীক কেন্দ্ৰৰ 'Z' পৰ্যায়ৰ সুৰক্ষা প্ৰদান
Centre provides 'Z' category security to Suvendu Adhikari

By

Published : Dec 18, 2020, 9:27 PM IST

Updated : Dec 19, 2020, 6:35 AM IST

নতুন দিল্লী, ১৮ ডিচেম্বৰ :পশ্চিমবংগৰ সদ্য পদত্যাগী তৃণমূল কংগ্ৰেছৰ নেতা সুভেন্দু অধিকাৰীক কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে 'Z' পৰ্যায়ৰ সুৰক্ষা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি, সুভেন্দু অধিকাৰীৰ সুৰক্ষা ব্যৱস্থা কেন্দ্ৰীয় সুৰক্ষা সংস্থাসমূহৰ সৈতে আলোচনা কৰি গৃহ মন্ত্ৰালয়ত পৰীক্ষা কৰা হৈছে আৰু তেওঁক পশ্চিমবংগত বুলেটপ্ৰুফ বাহনৰ সৈতে 'Z' পৰ্যায়ৰ চিআৰপিএফ সুৰক্ষা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

গৃহ মন্ত্ৰণালয়ে জাৰি কৰা নিৰ্দেশনাত আন ৰাজ্যত 'Y+' পৰ্যায়ৰ চিআৰপিএফৰ সুৰক্ষা প্ৰদানৰ কথা উল্লেখ কৰা হৈছে । উল্লেখ্য যে, সুভেন্দু অধিকাৰীয়ে বুধবাৰে তৃণমূল কংগ্ৰেছ দলৰ প্ৰধান আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ প্ৰদান কৰে । তেওঁ ৰাজ্যৰ বিধানসভাৰ পৰাও পদত্যাগ কৰে । সুভেন্দু অধিকাৰীয়ে দলৰ পৰা পদত্যাগ কৰাৰ পাছত তেওঁ বিজেপি দলত যোগদান কৰিব পাৰে বুলি জল্পনা-কল্পনা কৰা হৈছে । এনে সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সুভেন্দু অধিকাৰীক 'Z' পৰ্যায়ৰ সুৰক্ষা প্ৰদান কৰাৰ বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক :উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ সংবাদমেল

Last Updated : Dec 19, 2020, 6:35 AM IST

ABOUT THE AUTHOR

...view details