নেশ্যনেল ডেস্ক, 12 মাৰ্চ:বৰ্তমান সময়ত সমলিংগ বিবাহ ভাৰতীয় সভ্যতাত পৰিলক্ষিত কৰা হৈছে ৷ উচ্চতম ন্যায়ালয়ে 2018 চনৰ 7 ছেপ্টেম্বৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ 5 জনীয়া সাংবিধানিক বিচাৰপীঠে ভাৰতীয় দণ্ডবিধিৰ ধাৰা 377 ৰ অধীনত ভাৰতত সমকামিতা বৈধ বুলি ঘোষণা কৰিছিল ৷ অৱশ্যে ইয়াৰ পিচতে সমকামী বিবাহৰ (Same Sex Marriage)বৈধতাৰ ওপৰত কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিছিল উচ্চতম ন্যায়ালয়ে। দেওবাৰে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ এই প্ৰশ্নৰ উত্তৰস্বৰূপে সমকামী বিবাহক স্বীকৃতি দিয়াৰ দাবীৰ তীব্ৰ বিৰোধিতা কৰিছে। ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে ১৫ খন আবেদনৰ বিৰোধিতা কৰে (Centre opposes recognition of Same Sex Marriage)।
এক শপতনামাত, কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰে যে বিবাহৰ ধাৰণাটো মূলতঃ বিপৰীত লিংগৰ দুজন ব্যক্তিৰ মাজৰ সম্পৰ্ক । বিবাহৰ এই সংজ্ঞা সামাজিক, সাংস্কৃতিক আৰু আইনীভাৱে শুদ্ধ ৷ বিবাহ আৰু পৰিয়াল ভাৰতৰ সমাজব্যৱস্থাৰ অতি গুৰুত্বপূৰ্ণ অংগস্বৰূপ ৷ কেৱল পুৰুষ আৰু মহিলাৰ মাজতহে বিবাহৰ কথা বিবেচনা কৰিব পাৰি। সমকামী বিবাহ সামাজিক নৈতিকতা আৰু ভাৰতীয় নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয় । সমকামী বিবাহক স্বীকৃতি দিব নোৱাৰি। এয়া ভাৰতীয় পৰিয়ালৰ ধাৰণাৰ বিৰোধী। এটা পৰিয়াল পতি, পত্নী আৰু তেওঁলোকৰ সন্তানৰ দ্বাৰা হয়। সমকামী ব্যক্তিৰ সৈতে যৌন সম্ভোগ কৰাটো স্বামী, পত্নী আৰু সন্তানৰ ভাৰতীয় পাৰিবাৰিক ধাৰণাৰ সৈতে তুলনা নহয় । যদি সমকামী বিবাহ এখনত বিচ্ছেদ হয় তেন্তে তেওঁলোকৰ পতি-পত্নীক হিচাপে কিদৰে বিবেচনা কৰিব ।
লগতে কেন্দ্ৰীয় চৰকাৰে শপতনামাখনত উল্লেখ কৰে যে এজন জৈৱিক পুৰুষ আৰু জৈৱিক মহিলাৰ মাজত বিবাহ ব্যক্তিগত আইন বা সংহিতাবদ্ধ আইনৰ অধীনত হয়, যেনে হিন্দু বিবাহ আইন, 1955, খ্ৰীষ্টান বিবাহ আইন, 1872, পাৰ্চী বিবাহ আৰু বিবাহ বিচ্ছেদ আইন, 1936 বা বিশেষ বিবাহ আইন, 1954 বা বিদেশী বিবাহ আইন, 1969।