নেশ্যনেল ডেস্ক, 10 জুলাই:2019 চনৰ আগষ্ট মাহত কেন্দ্ৰীয় চৰকাৰে অশান্ত জৰ্জৰ জম্মু আৰু কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ প্ৰত্যাহাৰৰ পাচত বৰ্তমান কেনে আছে ভূ-স্বৰ্গ জম্মু আৰু কাশ্মীৰৰ ! 370 অনুচ্ছেদ প্ৰত্যাহাৰৰ বাবে শান্তি ঘুৰি আহিছে নেকি জম্মু আৰু কাশ্মীৰত ! যিটো সময়ত বিৰোধীয়ে 370 অনুচ্ছেদ প্ৰত্যাহাৰ কৰাক লৈ ৰাজনীতি কৰিছে সেই সময়তে বৰ্তমান আৰু পূৰ্বৰ জম্মু আৰু কাশ্মীৰৰ উন্নয়ন আৰু শান্তিৰ পৰিস্থিতি এটা প্ৰতিফলিত হৈছে ৷ তেনে ইংগিতে দিছে কেন্দ্ৰীয় চৰকাৰে ৷
জম্মু আৰু কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ বাতিলক প্ৰত্যাহ্বান জনোৱা আৱেদনৰ বিৰোধিতা কৰি কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক কেতবোৰ তথ্য ডাঙি ধৰিছে ৷ শপত নামাৰ জৰিয়তে কেন্দ্ৰই সৰ্বোচ্চ ন্যায়লয়ক তুলি ধৰা তথ্যত আছে ‘‘২০১৯ চনৰ পৰা জম্মু আৰু কাশ্মীৰত শান্তি, প্ৰগতি আৰু সমৃদ্ধি দেখিবলৈ পোৱা গৈছে ৷ পূৰ্বৰ তুলনাত সন্ত্ৰাসবাদ বা বিচ্ছিন্নতাবাদীয়ে কৰা শিল নিক্ষেপৰ ঘটনা হ্ৰাস পাইছে ৷’’
গৃহ মন্ত্ৰালয়ে উচ্চতম ন্যায়ালয়ক দাখিল কৰা এক শপতনামাত উল্লেখ কৰে যে ‘‘২০১৮ চনত শিল নিক্ষেপৰ দৰে হিংসাত্মক ঘটনা আছিল প্ৰায় ১,৭৬৭ টা । কিন্তু ২০২৩ চনৰ বৰ্তমানলৈকে এই ধৰণৰ হিংসাত্মক ঘটনা শূন্যলৈ হ্ৰাস পাইছে । ইয়াৰে 2018 চনত বন্ধ বা প্ৰতিবাদৰ সংখ্যা আছিল 52 টা ৷ কিন্তু 2023 চনত শূন্যলৈ হ্ৰাস পাইছে ।’’
সন্ত্ৰাসবাদৰ সম্পৰ্কত শপতনামা উল্লেখ কৰি কেন্দ্ৰ চৰকাৰে কয় ‘‘২০১৮ বৰ্ষত ১৯৯ টা আছিল সন্ত্ৰাহবাদী কাৰ্যকলাপ ৷ কিন্তু ২০২৩ বৰ্ষত ১২ লৈ হ্ৰাস পাইছে ৷ আনহাতে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, চিকিৎসালয় আৰু অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠানসমূহে তিনি বছৰত কোনো ধৰণৰ ধৰ্মঘট বা কোনো ধৰণৰ প্ৰতিবাদ কৰিব লগা হোৱা নাই ৷ পূৰ্বতে দৈনিক প্ৰতিবাদ, ধৰ্মঘট, শিল নিক্ষেপ আৰু বন্ধৰ প্ৰথা চলিছিল ৷ কিন্তু এতিয়া সেইবোৰ অতীতৰ হ’ল ৷’’
লগতে পঢ়ক:SC notice on Delhi govt plea : কেন্দ্ৰীয় অধ্যাদেশৰ প্ৰত্যাহ্বানত দিল্লী চৰকাৰে কৰা আবেদনত ছুপ্ৰিম কোৰ্টৰ জাননী