নিউজ ডেস্ক, 28 ডিচেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ সৈতে নগা বিদ্ৰোহী সংগঠন জেলিয়াংৰং ইউনাইটটেড ফ্ৰণ্টৰ(Zeliangrong United Front) শান্তি চুক্তি স্বাক্ষৰ ৷ মঙলবাৰে দিল্লীত বিদ্ৰোহী সংগঠনটোৱে স্বাক্ষৰ কৰে শান্তি চুক্তিত ৷ দশক ধৰি বিশেষকৈ মণিপুৰত সংক্ৰিয় হৈ আছিল জেলিয়াংৰং ইউনাইটটেড ফ্ৰণ্ট চমুকৈ ZUF নামৰ নগা বিদ্ৰোহী সংগঠনটো(Naga insurgent group in Manipur) ৷
এই সন্দৰ্ভত এক বিবৃত্তি যোগে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কয় যে, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘সন্ত্ৰাসবাদ মুক্ত উত্তৰ-পূব’ৰ লক্ষ্যৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিক শ্বাহৰ নেতৃত্বত প্ৰায় এটা দশক ধৰি সক্ৰিয় হৈ থকা নগা বিদ্ৰোহী সংগঠন(Naga armed group) জেলিয়াংৰং ইউনাইটটেড ফ্ৰণ্টৰ সৈতে স্থায়ী শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে শান্তি চুক্তি সম্পন্ন কৰা হৈছে(Peace treaty with ZUF) ৷’’
কৃন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়া, মণিপুৰ চৰকাৰ আৰু জেলিয়াংৰং ইউনাইটটেড ফ্ৰণ্টৰ প্ৰতিনিধিৰ উপস্থিত দিল্লীত স্বাক্ষৰ কৰা হয় এই শান্তি চুক্তি(Peace pact with ZUF) ৷ চুক্তি অনুসৰি স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে পুনৰ সশস্ত্ৰ সংগ্ৰামৰ পথ গ্ৰহণ নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিদ্ৰোহী সংগঠনটোৰ নেতৃত্বই ৷ লগতে সংগঠনৰ সদস্যসকলক পুনৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে ৷
উল্লেখ্য যে, জেলিয়াংৰং ইউনাইটটেড ফ্ৰণ্টৰ সংঘঠনটোৱে নাগালেণ্ডৰ জেলিয়াংৰং(Zeliangrong tribe of Nagaland) নামৰ জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰে ৷ সশস্ত্ৰ সংগঠনটোৱে জেলিয়াংৰং সকলৰ বাবে এক পৃথক ৰাজ্য গঠনৰ দাবীৰে আৰম্ভ কৰিছিল বিদ্ৰোহ ৷ আনাহাতে, Asia Terrorism Portalৰ তথ্য অনুসৰি মণিপুৰত সক্ৰিয় হৈ থকা বিদ্ৰোহী সংগঠনসমূহৰ ভিতৰত ZUF আছিল 13 নম্বৰ স্থানত ৷
লগতে পঢ়ক:Gunfight breaks out at Jammu : জম্মুত পুনৰ নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ