অসম

assam

ETV Bharat / bharat

FCRA License of RGF : ৰাজীৱ গান্ধী ফাউণ্ডেচনৰ পঞ্জীয়ন বাতিল - FCRA license cancelled of RGF

ৰাজীৱ গান্ধী ফাউণ্ডেচনৰ বিদেশী অৱদান নিয়ন্ত্ৰণ আইনৰ (FCRA) অনুজ্ঞাপত্ৰ বাতিল কৰিছে কেন্দ্ৰীয় চৰকাৰে । ৰাজীৱ গান্ধী ফাউণ্ডেচন আৰু ইয়াৰ কাৰ্যালয়লৈ এখন লিখিত জাননী প্ৰেৰণ কৰা হৈছে । গৃহ মন্ত্ৰালয়ৰ আন্তঃমন্ত্ৰালয় সমিতিৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ কৰি ৰাজীৱ গান্ধী ফাউণ্ডেচন (RGF)ৰ পঞ্জীয়ন বাতিল কৰা হৈছে ।

FCRA License of RGF
ৰাজীৱ গান্ধী ফাউণ্ডেচনৰ পঞ্জীয়ন বাতিল

By

Published : Oct 23, 2022, 2:00 PM IST

নেশ্যনেল ডেস্ক,২৩ অক্টোবৰ :গান্ধী পৰিয়ালৰ সৈতে জড়িত বেচৰকাৰী সংগঠন ৰাজীৱ গান্ধী ফাউণ্ডেচনৰ (Rajiv Gandhi Foundation) বিৰুদ্ধে কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ । কেন্দ্ৰীয় চৰকাৰে গান্ধী পৰিয়ালৰ বেচৰকাৰী সংগঠন ৰাজীৱ গান্ধী ফাউণ্ডেচন (RGF)ৰ বিদেশী অৱদান নিয়ন্ত্ৰণ আইন (FCRA) অনুজ্ঞাপত্ৰ বাতিল কৰিছে (Centre cancelled FCRA license of RGF)। গৃহ মন্ত্ৰালয়ে বিদেশী অৱদান (নিয়ন্ত্ৰণ) আইনৰ বিভিন্ন আইনী ব্যৱস্থা উলংঘনৰ তদন্তৰ সমন্বয়ৰ বাবে আন্তঃমন্ত্ৰালয় সমিতিৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ কৰি ৰাজীৱ গান্ধী ফাউণ্ডেচন (RGF)ৰ পঞ্জীয়ন বাতিল কৰিছে ।

প্ৰাপ্ত খবৰ অনুসৰি, ২০২০ চনৰ জুলাইত গৃহ মন্ত্ৰালয়ে গঠন কৰা সমিতিখনে বিভিন্ন বিদেশী অৱদান নিয়ন্ত্ৰণ আইনৰ নিয়ম উলংঘনৰ বিষয়টো পোহৰলৈ আনিছে । ফলস্বৰূপে, ৰাজীৱ গান্ধী ফাউণ্ডেচনৰ পঞ্জীয়ন বাতিল কৰা হৈছে ।

ৰাজীৱ গান্ধী ফাউণ্ডেচনৰ বিৰুদ্ধে ২০২০ চনৰ জুলাই মাহত এক তদন্ত আৰম্ভ হৈছিল যেতিয়া গৃহ মন্ত্ৰালয়ে গান্ধী পৰিয়ালৰ জড়িত তিনিটা সংগঠন ক্ৰমে ৰাজীৱ গান্ধী ফাউণ্ডেচন, ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্ট (RGCT) আৰু ইন্দিৰা গান্ধী মেম'ৰিয়েল ট্ৰাষ্টৰ তদন্তৰ বাবে এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটৰ বিষয়াৰ নেতৃত্বত এখন আন্তঃমন্ত্ৰালয় সমিতি গঠন কৰিছিল । তদন্তটো ধন আত্মসাৎ প্ৰতিৰোধ আইন, আয়কৰ আইন আৰু FCRAৰ অধীনত কৰা হৈছিল ।

সমিতিখনত গৃহ মন্ত্ৰালয়, বিত্ত মন্ত্ৰালয়ৰ লগতে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (CBI)ৰ বিষয়াসকল অন্তৰ্ভুক্ত আছিল । গান্ধী পৰিয়াল আৰু কংগ্ৰেছৰ আন নেতাসকলৰ দ্বাৰা পৰিচালিত ট্ৰাষ্টবোৰে আয়কৰ দাখিল কৰাৰ সময়ত কোনো নথিপত্ৰ যোগান ধৰিছিল নেকি সেই বিষয়ে বিশেষভাৱে অনুসন্ধান কৰা হৈছিল (Investigation against RGF)। তেওঁলোকে বিদেশৰ পৰা পোৱা ধনৰ অপব্যৱহাৰ কৰিছিল নেকি ?

ৰাজীৱ গান্ধী ফাউণ্ডেচনৰ অফিচিয়েল ৱেবছাইট অনুসৰি, সংগঠনটোৱে ১৯৯১ চনৰ পৰা ২০০৯ চনলৈ স্বাস্থ্য, বিজ্ঞান আৰু প্ৰযুক্তি, মহিলা আৰু শিশু আৰু বিকলাংগতা সমৰ্থনৰ ক্ষেত্ৰত বিভিন্ন বিষয়ত কাম কৰিছে । ফাউণ্ডেচনে ২০১০ চনত শিক্ষাৰ ওপৰতো গুৰুত্ব দিয়াৰ সিদ্ধান্ত লৈছিল ।

বিদেশী অৱদান নিয়ন্ত্ৰণ আইন (FCRA) অনুজ্ঞাপত্ৰ পঞ্জীয়ন বাতিল কৰাৰ (FCRA license cancelled of RGF) পাছতে, ৰাজীৱ গান্ধী ফাউণ্ডেচন আৰু ইয়াৰ কাৰ্যালয়লৈ এখন লিখিত জাননী প্ৰেৰণ কৰা হৈছে । সংগঠনটোৰ আন ন্যাসৰক্ষীসকলৰ ভিতৰত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰম আৰু সাংসদ ৰাহুল গান্ধী আৰু তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰা ।

লগতে পঢ়ক :Helicopter Crash in Arunachal Pradesh: অৰুণাচল প্ৰদেশৰ মিজিঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

ABOUT THE AUTHOR

...view details