অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানক ড্ৰোণ ব্যৱহাৰৰ অনুমতি

ড্ৰোণৰ জৰিয়তে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (ASI)ৰ সহযোগত কেন্দ্ৰীয়ভাৱে সুৰক্ষিত স্মাৰকসমূহৰ আকাশী জৰীপ আৰু ফটোগ্ৰামমেট্ৰি কৰিব পাৰিব ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানে । ড্ৰোণ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা স্থানবোৰ হৈছে ভূৱনেশ্বৰৰ ৰাজা-ৰাণী মন্দিৰ আৰু লিংগৰাজ মন্দিৰ ।

By

Published : Aug 7, 2021, 11:48 AM IST

Bhubaneswar
ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানক ড্ৰোণ ব্যৱহাৰৰ অনুমতি কেন্দ্ৰৰ

নেশ্যনেল ডেস্ক, ৭ আগষ্ট :ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানক (National Institute of Science Education and Research) ড্ৰোণ ব্যৱহাৰৰ অনুমতি দিলে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে (Ministry of Civil Aviation) । অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় (MoCA) আৰু অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (DGCA) ভূৱনেশ্বৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানক(NISER) মানৱবিহীন বিমান প্ৰণালী (UAS) নিয়ম ২০২১ ৰ পৰা চৰ্ত সাপেক্ষে ৰেহাই প্ৰদান কৰে । বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ।

এতিয়া ড্ৰোণৰ জৰিয়তে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (ASI)ৰ সহযোগত কেন্দ্ৰীয়ভাৱে সুৰক্ষিত স্মাৰকসমূহৰ আকাশী জৰীপ আৰু ফটোগ্ৰামমেট্ৰি কৰিব পাৰিব ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানে । ড্ৰোণ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা স্থানবোৰ হৈছে ভূৱনেশ্বৰৰ ৰাজা-ৰাণী মন্দিৰ আৰু লিংগৰাজ মন্দিৰ । অৱশ্যে মানক অপাৰেটিং প্ৰক্ৰিয়াৰ চৰ্তাৱলী আৰু নিয়মাৱলী সাপেক্ষে এই অনুমতি এবছৰৰ বাবেহে থাকিব ।

ইফালে এই মাহৰ আৰম্ভণিতে হাৰিয়ানাৰ নগৰ স্থানীয় সংস্থা সঞ্চালকালয়ক অম্ৰুত চহৰৰ বিকাশৰ উদ্দেশ্যে হিছাৰ, পঞ্চকুলা, আম্বালা নগৰ অঞ্চলৰ বাবে সম্পত্তি কৰ জৰীপৰ বাবে তথ্য আহৰণ, মেপিং আৰু ৰূপায়ণৰ বাবে ড্ৰোণ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা হৈছিল । ইফালে শেহতীয়াকৈ দেশত পাকিস্তানী সন্ত্ৰাসবাদীয়ে ড্ৰোণ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ কূটাঘাত সংঘটিত কৰিছে ।

যাৰ বাবে ড্ৰোণ ব্যৱহাৰৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছে প্ৰতিৰক্ষা বিভাগ লগতে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় । জম্মু-কাশ্মীৰকে ধৰি বহু স্থানত ড্ৰোণৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে । উল্লেখ্য যে শেহতীয়া কেইবাদিনো ধৰি জম্মু-কাশ্মীৰ অঞ্চলত পাকিস্তানৰ বহু ড্ৰোণ প্ৰত্যক্ষ কৰা হৈছে । আনকি সন্ত্ৰাসবাদীয়ে ড্ৰোণৰ জৰিয়তে ২৭ জুনত জম্মুৰ বায়ু সেনা কেন্দ্ৰত আক্ৰমণ কৰিছিল ।

লগতে পঢ়ক :JEE-Main ৰ third edition ৰ ফলাফল ঘোষণা

ABOUT THE AUTHOR

...view details