নিউজ ডেস্ক, ১ অক্টোবৰ :গৃহ মন্ত্ৰণালয়ে জাৰি কৰা এক জাননী অনুসৰি, কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডৰ নখন জিলাত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইনৰ সময়সীমা বৃদ্ধি কৰিছে (Armed Forces Special Powers Act) । জিলাকেইখন হৈছে ডিমাপুৰ, নিউলেণ্ড, চুমুকেডিমা, মন, কিফিৰে, নকলক, ফেক, পেৰেন আৰু জুনহেবোটোক । শনিবাৰ, ১ অক্টোবৰৰ পৰা অহা বছৰৰ ৩০ মাৰ্চলৈ এই সময়সীমা বৃদ্ধি কৰা হৈছে (AFSPA extended for 6 months in Nagaland) ।
তদুপৰি, ভাৰত চৰকাৰে (Government of India) কোহিমা জিলাৰ পাঁচখন আৰক্ষী থানাকে ধৰি নাগালেণ্ডৰ চাৰিখন জিলাৰ ১৬ খন আৰক্ষী থানাৰ অধীনৰ অঞ্চলসমূহত আফস্পাৰ ম্যাদ বৃদ্ধি কৰা হৈছে । মকোকচুং জিলাৰ ছয়খন আৰক্ষী থানা; লংলেং জিলাৰ য়াংলোক আৰক্ষী থানা আৰু ৱোখা জিলাৰ চাৰিখন আৰক্ষী থানাৰ অধীনৰ অঞ্চলবোৰতো এই সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইনৰ সময়সীমা বৃদ্ধি কৰা হৈছে ।