নেশ্যনেল ডেস্ক,18 ডিচেম্বৰ: পশ্চিম বংগৰ তিনিগৰাকীকৈ আই পি এছ বিষয়াক বদলি কৰাৰ কেন্দ্ৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷ পশ্চিম বংগৰ আৰক্ষী বিষয়াক সালসলনি কৰাৰ ক্ষেত্ৰত কেন্দ্ৰই হস্তক্ষেপ কৰা বিষয়টো ফেডাৰেলিজিমৰ ওপৰত শোষণ বুলি মন্তব্য কৰিছে কেজৰিৱালে ৷
জে পি নাড্ডাৰ শেহতীয়া পশ্চিম বংগ ভ্ৰমণৰ সময়ছোৱাত তেখেতৰ সুৰক্ষাৰ দায়িত্বত থকা তিনিগৰাকীকৈ আই পি এছ বিষয়াক কেন্দ্ৰীয় চৰকাৰৰ অধীনলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও ৷
অৰবিন্দ কেজৰিৱালে এক টুইটযোগে কয়,"পশ্চিম বংগৰ প্ৰশাসনিক দিশত কেন্দ্ৰৰ পোনপটিয়া হস্তক্ষেপৰ কাৰ্যক মই তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছো ৷ ৰাজ্যখনৰ অধিকাৰ হস্তক্ষেপ কৰি নিৰ্বাচনৰ পূৰ্বে আৰক্ষী বিষয়াক কেন্দ্ৰলৈ স্থানান্তৰ কৰিব বিচৰা কাৰ্যটো ফেডাৰেলিজিমৰ ওপৰত শোষণ আৰু ইয়াক অস্থিৰ কৰি তোলাৰ প্ৰচেষ্টা ৷"