নেশ্যনেল ডেস্ক, 7 জুলাই : মন্ত্ৰী পৰিষদ সম্প্ৰসাৰণৰ এদিন পূৰ্বে এক নতুন মন্ত্ৰণালয় গঠনৰ ঘোষণা কৰিছে কেন্দ্ৰই ৷ সমবায়ৰ জৰিয়তে উন্নয়ন তথা সমৃদ্ধিৰ দৃষ্টিভংগী উপলব্ধি কৰাৰ উদ্দেশ্যে কেন্দ্ৰই এক নতুন মন্ত্ৰণালয় গঠনৰ পৰিকল্পনা কৰিছে ৷ মঙলবাৰে নিশা জাৰি কৰা এক প্ৰেছ বিবৃতিযোগে কেবিনেট সচিবালয়ে নতুন মন্ত্ৰণালয় গঠনৰ কথা ঘোষণা কৰে ৷
কেবিনেট সচিবালয়ে কয় যে, নতুনকৈ গঠন কৰা সহযোগিতা মন্ত্ৰণালয়(Ministry of Co-operation)এ দেশৰ সমবায় আন্দোলনক শক্তিশালী কৰি তোলাৰ বাবে এক পৃথক প্ৰশাসন তথা আইনী আৰু নীতিগত গাঁথনি(legal and policy framework) প্ৰদান কৰিব ৷ প্ৰতিজন সদস্যই দায়িত্ববোধেৰে কাম কৰা দেশৰ বাবে সমবায় আধাৰিত অৰ্থনৈতিক উন্নয়নৰ আৰ্হি অত্যন্ত প্ৰাসংগিক বুলিও কেবিনেট সচিবালয়ে উল্লেখ কৰে ৷ এই মন্ত্ৰণালয়ৰ জৰিয়তে সমবায়ৰ ক্ষেত্ৰখনক এক প্ৰকৃত লোক আধাৰিত আন্দোলন হিচাপে তৃণমূল পৰ্যায়লৈ লৈ যোৱাত সহায়ক হ'ব বুলি কেবিনেট সচিবালয়ে আশা প্ৰকাশ কৰে ৷
তথ্য অনুসৰি, মাল্টি-ষ্টেট কো-অপাৰেটিভৰ বিকাশৰ বাবে কাম কৰাৰ লগতে এই মন্ত্ৰণালয়ে সহজ ব্যৱসায়ৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে শৃংখলাবদ্ধ প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰিব ৷