নেশ্যনেল ডেস্ক, 4 জুন : পুনৰ দেশত বৃদ্ধি পাইছে কৰ’ণা মহামাৰীৰ সংক্ৰমণ (Covid cases Increase in India) ৷ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে (Union Health Secretary Rajesh Bhushan) উল্লেখ কৰে অনুসৰি, দেশৰ 5 ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণাৰ ৰোগীৰ সংখ্যা ৷ পাঁচৰাজ্য ক্ৰমে তামিলনাডু, কেৰালা, তেলেংগানা, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ এই পৰিস্থিতি ক্ৰমে বেয়াৰ ফাললৈ ঢাল খোৱা পৰিলক্ষিত হৈছে (5 states witnessing rise in Covid cases) ৷
যাক লৈ এতিয়া শংকিত হৈ পৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয় ৷ সেয়ে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সকলো দেশবাসীক সতৰ্ক হৈ থকাৰ লগতে ক’ভিড-19 সংক্ৰান্তীয় সকলো নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনায় (New COVID 19 cases in India) ৷