নেশ্যনেল ডেস্ক, 1 জানুৱাৰী : এইবাৰ মাওবাদীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ৷ ছত্তীশগড়ৰ পৰা মাওবাদী উৎখাত কৰিবলৈ বিশেষ অভিযান পৰিকল্পনাৰ অধীনত ওড়িশাৰ পৰা ছত্তীশগড়লৈ 3,০০০ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ দলটোক মুখ্যতঃ ছত্তীশগড়ৰ দান্তেৱাড়া, সুকমা আৰু বিজাপুৰৰ অন্তৰ্গত নাৰায়ণপুৰ আৰু কোন্দাগাঁও আৰু কাংকেৰ জিলাৰ বস্তাৰ অঞ্চলৰ ওপৰত অধিক গুৰুত্ব দিবলৈ কোৱা হৈছে ৷ এই অঞ্চলকেইটাত মাওবাদী সক্ৰিয় হৈ আছে বুলি জানিব পৰা গৈছে ৷
কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) জোৱানৰ তিনিটা বেটেলিয়নে ৰাজ্যখনৰ মাওবাদী স্থানসমূহ লক্ষ্য কৰিবলৈ ওড়িশাৰ পৰা ছত্তীশগড়লৈ যোৱাৰ যো-জা চলাইছে ৷ ইয়াৰ উপৰিও, চৰকাৰী সূত্ৰই জনোৱা অনুসৰি, ইয়াৰে সমানে কেইবাটাও আইটিবিপি গোটক মাওবাদী বিৰোধী অভিযান তীব্ৰতৰ কৰি আবুজমাদৰ নক্সালৰ দুৰ্গলৈ যাবলৈও কোৱা হৈছে ৷ প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে সমান সংখ্যক ইণ্ডো তিব্বত সীমান্ত আৰক্ষী গোটো অঞ্চলটোলৈ স্থানান্তৰিত কৰা হ'ব।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ ঘোষণা কৰিছিল যে, ভাৰতে বাওঁপন্থী উগ্ৰবাদ (এলডব্লিউই) দূৰ কৰাৰ পক্ষত কাম কৰি আছে ৷
বিগত বৰ্ষৰ 1 ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহে, ঝাৰখণ্ডৰ হাজাৰিবাগৰ 59 তম প্ৰতিষ্ঠা দিৱসত বিএছএফৰ সৈন্যসকলক সম্বোধন কৰিছিল ৷ এই সভাত গৃহমন্ত্ৰীগৰাকীয়ে দেশত বাঁওপন্থী উগ্ৰবাদক নিঃশেষ কৰাৰ কথা অৱগত কৰিছিল । শ্বাহে এই পদক্ষেপক "বিএছএফ, চিআৰপিএফ আৰু আইটিবিপিৰ দৰে বাহিনীয়ে এলডব্লিউইৰ বিৰুদ্ধে কৰিবলগীয়া অন্তিম আক্ৰমণ" বুলি অভিহিত কৰে। দেশত নক্সালবাদ সমাপ্তিৰ বাবে সংকল্পবদ্ধ বুলি অমিত শ্বাহে সকলোকে আশ্বাস দিছিল ৷