অসম

assam

ETV Bharat / bharat

হাফকিন প্ৰতিষ্ঠানক কৰ'ণা প্ৰতিষেধক প্ৰস্তুতৰ বাবে কেন্দ্ৰৰ অনুমোদন - কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব ৰেণু স্বৰূপ

মুম্বাইস্থিত হাফকিন বায়' ফাৰ্মাচিউটিকেলক ভাৰত বায়'টেকৰ কৰ'ণা প্ৰতিষেধক কোভাক্সিন প্ৰস্তুত কৰিবলৈ অনুমতি প্ৰদান কৰে । দেশত কৰ'ণা প্ৰতিষেধকৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে হাফকিন প্ৰতিষ্ঠানকো কৰ'ণা প্ৰতিষেধকৰ প্ৰস্তুতৰ অনুমোদন জনাবলৈ আহ্বান জনাইছিল ।

হাফকিন প্ৰতিষ্ঠানক কৰ'ণা প্ৰতিষেধক প্ৰস্তুতৰ বাবে কেন্দ্ৰৰ অনুমোদন
হাফকিন প্ৰতিষ্ঠানক কৰ'ণা প্ৰতিষেধক প্ৰস্তুতৰ বাবে কেন্দ্ৰৰ অনুমোদন

By

Published : Apr 16, 2021, 11:51 AM IST

নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল: দেশত কৰ'ণা প্ৰতিষেধক নাটনি হোৱাৰ সময়ত কেন্দ্ৰ চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । মুম্বাইস্থিত হাফকিন বায়' ফাৰ্মাচিউটিকেলক ভাৰত বায়'টেকৰ কৰ'ণা প্ৰতিষেধক কোভাক্সিন প্ৰস্তুত কৰিবলৈ অনুমতি প্ৰদান কৰে । দেশত কৰ'ণা প্ৰতিষেধকৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে হাফকিন প্ৰতিষ্ঠানকো কৰ'ণা প্ৰতিষেধকৰ উৎপাদনৰ অনুমোদন জনাবলৈ আহ্বান জনাইছিল ।

এই সন্দৰ্ভত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব ৰেণু স্বৰূপে ৰাজ্যখনৰ মুখ্য সচিব সীতাৰাম কুন্তেলৈ এক অনুমোদন পত্ৰ প্ৰেৰণ কৰিছিল । ৰেণু স্বৰূপৰ আবেদনৰ ভিত্তিত অৱশেষত কেন্দ্ৰই হাফকিন প্ৰতিষ্ঠানকো কৰ'ণা প্ৰতিষেধকৰ উৎপাদনৰ অনুমোদন জনায় । প্ৰতিষ্ঠানটোক উৎপাদন সম্পাদন কৰিবলৈ আৰু এগৰাকী জেষ্ঠ্য বিষয়া নিয়োগ কৰিবলৈ কেন্দ্ৰ চৰকাৰে এবছৰৰ সময়সীমা বান্ধি দিছে । কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্তৰ পাচতে ঠাকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক: কৰ'ণাৰ বাবে ১৫ মে'লৈ বন্ধ থাকিব দেশৰ সকলো দৰ্শনস্থলী

ABOUT THE AUTHOR

...view details