নিউজ ডেস্ক, ১০ জানুৱাৰী :কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে বুধবাৰে কয় যে কেন্দ্ৰই অৰুণাচল প্ৰদেশত এক কৌশলগত পথ প্ৰকল্প নিৰ্মাণৰ বাবে ১,৭৮২ কোটি টকা মঞ্জুৰ কৰিছে ।
মন্ত্ৰালয়ে উত্তৰ-পূবৰ ৰাজ্যখনৰ উজনি চিয়াং জিলাৰ পাংগোৰ পৰা জৰ্গিংলৈ ৮২ কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰীণফিল্ড পথ নিৰ্মাণৰ বাবে প্ৰকল্পটোত অনুমোদন জনাইছে । প্ৰকল্পটোৱে পেকেজ-1 আৰু ২ সামৰি ল'ব । এক্স পোষ্টত গাডকাৰীয়ে কয় ।
"প্ৰস্তাৱিত প্ৰকল্পটোৰ উদ্দেশ্য হৈছে নিৰৱচ্ছিন্ন আৰু সুৰক্ষিত যান-বাহনৰ চলাচল নিশ্চিত কৰা, অঞ্চলটোৰ গাঁওসমূহৰ সৈতে গোটেই বছৰজুৰি সংযোগ স্থাপন কৰা । ইয়াৰ ফলত জিলাখনৰ পাহাৰীয়া অঞ্চলসমূহত আৰ্থ-সামাজিক উন্নয়ন কৰিব পৰা যাব ।" মন্ত্ৰীগৰাকীয়ে কয় ।
আনহাতে, কৌশলগতভাৱে গুৰুত্বপূৰ্ণ পথটোৱে নিৰাপত্তা বাহিনীৰ বাবেও যাতায়াতৰ সময় যথেষ্ট হ্ৰাস কৰিব । ইয়াৰ ফলত সীমান্ত অঞ্চলত উপনীত হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰিব । গাডকাৰীয়ে লগতে কয় । ইফালে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই প্ৰকল্প ঘোষণাত আনন্দ প্ৰকাশ কৰিছে ।