নিউজ ডেস্ক,27 নৱেম্বৰ : নতুন আৰ্থিক বিনিয়োগৰ প্ৰস্তাৱৰ ক্ষেত্ৰত পুনৰ দৰিদ্ৰ ৰাজ্য হিচাপে আলোচনাৰ আওতালৈ আহিছে পশ্চিমবংগ ৷ উদ্যোগ আৰু আভ্যন্তৰীণ ব্যৱসায়ৰ মাত্ৰা বৃদ্ধি কৰিবৰ বাবে নতুন পৰিসংখ্য়া অনুসৰি,চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা ছেপ্তেম্বৰ মাহৰ ভিতৰত আকৰ্ষিত কৰিব পৰা ৰাজ্য হিচাপে গুজৰাট,অন্ধ্ৰপ্ৰদেশ,কৰ্ণাটক, মহাৰাষ্ট্ৰ, ওড়িশা, মধ্য়প্ৰদেশ আৰু ৰাজস্থানতকৈ পশ্চিমবংগ পিছপৰি আছে ৷
অৱশ্যে লকডাউনে সমগ্ৰ দেশতে বেয়াকৈ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ কিন্তু এই ক্ষেত্ৰত পশ্চিমবংগৰ স্থিতি সবাতোকৈ দুৰ্গম ৷ আৰ্থিক বিশেষজ্ঞসকলে জনোৱা মতে, ইয়াৰ মুখ্য কাৰণ হৈছে পশ্চিমবংগ চৰকাৰৰ অৰ্থনৈতিক জ’ন আৰু ভূমি নীতি ৷
কেন্দ্ৰীয় পৰিসংখ্য়া এজেন্সীৰ প্ৰতিবেদনত উল্লেখ থকা মতে, 2020 চনৰ জানুৱাৰীৰ পৰা ছেপ্তেম্বৰ মাহৰ ভিতৰত দেশৰ মুঠ 3,35,319 কোটি টকাৰ সৈতে 19 টা নতুন বিনিয়োগৰ প্ৰস্তাৱ পশ্চিমবংগলৈ আহিছে ৷ একে সময়তে কৰ্নাটকে 1,28,070 কোটি টকাৰ সৈতে 75 টা নতুন বিনিয়োগৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷
এই সন্দৰ্ভত অৰ্থনীতিবিদ প্ৰবীৰ কুমাৰ মুখাৰ্জীয়ে কয় যে,পশ্চিমবংগ আৰু কৰ্নাটকৰ এই মাত্ৰা তুলনাত্মক বিশ্লেষণ কৰি গম পোৱা যায় পশ্চিমবংগত উচ্চহাৰৰ দীৰ্ঘ বিনিয়োগৰ কোনো চিহ্ন নাই ৷