নিউজ ডেস্ক, ১৫ জানুৱাৰী : কেন্দ্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে (Central Minister Nitin Gadkari) শনিবাৰে কৰ্ণাটকৰ বেলাগাভিৰ পৰা এটা জীৱনৰ প্ৰতি ভাবুকিপূৰ্ণ ফোনকল লাভ কৰে । বেলাগাভিৰ হিন্দালাগা কেন্দ্ৰীয় কাৰাগাৰৰ এজন কয়দীয়ে গাডকাৰীৰ মোবাইল ফোনত ফোন কৰি তেওঁ মৃত্যুৰ ভাবুকি প্ৰদান কৰে আৰু ধনদাবী কৰে (Central Minister Gadkari gets death threats) । আৰক্ষীৰ সূত্ৰত এইকথা প্ৰকাশ ।
উক্ত ভাবুকিৰ পিছতে নীতিন গাডকাৰীয়ে এই বিষয়টো মহাৰাষ্ট্ৰৰ নাগপুৰ আৰক্ষীৰ দৃষ্টিগোচৰ কৰে । তাৰ পিছতে নাগপুৰ আৰক্ষীয়ে শনিবাৰে অভিযুক্তজনক বিচাৰি হিন্দালাগা কাৰাগাৰলৈ যায় (Nagpur police search operation in Hindalaga jail) । দেওবাৰে দ্বিতীয়দিনাও অভিযুক্তৰ অনুসন্ধান অব্যাহত থকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে । হিন্দালাগা কাৰাগাৰত আৰক্ষীয়ে তালাচী অভিযান চলাই আছে ।
এই তালাচী অভিযানত কোলহপুৰ, চাংলি আৰু বেলাগাভি মহানগৰ আৰক্ষীয়ে নাগপুৰ আৰক্ষীক সমৰ্থন জনাইছে । শনিবাৰে সন্ধিয়াও আৰক্ষীয়ে কাৰাগাৰত তিনি ঘণ্টা ধৰি তালাচী অভিযান চলাইছিল । অভিযুক্তজনক বিচাৰি উলিওৱাৰ বাবে দ্বিতীয় দিনধৰি তালাচী অভিযান অব্যাহত আছে । আৰক্ষীয়ে লগতে প্ৰকাশ কৰে ।
আনহাতে, শনিবাৰে মহাৰাষ্ট্ৰত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বাসগৃহ আৰু কাৰ্যালয়ত ফোনৰ ভাবুকি দিয়াৰ পিছত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে (Security beefed at Nitin Gadkaris residence) । নাগপুৰ আৰক্ষী বিষয়াই শনিবাৰে কয় যে খামলা অঞ্চলত গাডকাৰীৰ জনসম্পৰ্ক কাৰ্যালয়ৰ লেণ্ডলাইন নম্বৰত পুৱা ১১.২৫ বজাৰ পৰা ১২.৩০ বজাৰ ভিতৰত তিনিটা ভাবুকিৰ ফোন আহে । তাৰ পিছতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা নাগপুৰৰ সাংসদজনৰ ঘৰ আৰু কাৰ্যালয়ত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হৈছে ।