অসম

assam

ETV Bharat / bharat

কৃষকৰ সৈতে আলোচনাৰ বাবে সাজু চৰকাৰ:কেন্দ্ৰীয় কৃষি মন্ত্ৰী - কৃষকৰ সৈতে আলোচনাৰ বাবে সাজু চৰকাৰ:কেন্দ্ৰীয় কৃষি মন্ত্ৰী

দুদিনীয়া ভ্ৰমণসূচীৰে মধ্য প্ৰদেশলৈ যোৱা কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে পুনৰ কয় যে চৰকাৰে প্ৰতিবাদী কৃষকসকলৰ সৈতে আলোচনা কৰিবলৈ সাজু আছে যদিহে তেওঁলোকে কৃষি সংস্কাৰ আইন স্থগিত ৰখাৰ বাবে চৰকাৰৰ প্ৰস্তাৱত সঁহাৰি দিয়ে ।

কৃষকৰ সৈতে আলোচনাৰ বাবে সাজু চৰকাৰ:কেন্দ্ৰীয় কৃষি মন্ত্ৰী
কৃষকৰ সৈতে আলোচনাৰ বাবে সাজু চৰকাৰ:কেন্দ্ৰীয় কৃষি মন্ত্ৰী

By

Published : Feb 28, 2021, 5:59 PM IST

নিউজ ডেস্ক,২৮ ফেব্ৰুৱাৰী:দেশত এতিয়াও শেষ হোৱা নাই বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ । কিন্তু ইয়াৰ মাজতে প্ৰতিবাদী কৃষকসকললৈ বিশেষ আহ্বান কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰৰ । মন্ত্ৰীগৰাকীয়ে জনোৱা মতে চৰকাৰ আলোচনাৰ বাবে সাজু আছে যদিহে বিতৰ্কিত তিনিখন কৃষি আইন ডেৰ বছৰৰ বাবে ধৰি ৰখা আৰু যুটীয়া সমিতি গঠনৰ চৰকাৰৰ প্ৰস্তাৱক কৃষকসকলে সহাঁৰি দিয়ে । তেওঁ লগতে কয় যে সমগ্ৰ বিষয়তো এতিয়া কৃষকৰ আদালতত আছে । দুদিনীয়া ভ্ৰমণ সূচীৰে মধ্যপ্ৰদেশৰ মৰেনাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰা দেখা যায় ।

উল্লেখ্য যে তিনিখন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে হাজাৰ হাজাৰ কৃষকে বিগত তিনিমাহ ধৰি দিল্লী সীমান্ত অঞ্চলত প্ৰতিবাদ অব্যাহত ৰাখিছে । আনহাতে ৪১ টাকৈ কৃষক সংগঠনৰ সৈতে চৰকাৰে ২২ জানুৱাৰীত ১১ টা পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছিল যদিও এই আলোচনা বিফল হয় । কিয়নো সংগঠনসমূহে কেন্দ্ৰৰ তিনিটা বিতৰ্কিত আইন স্থগিত ৰখা আৰু সমাধানৰ বাবে এক যুটীয়া সমিতি গঠনৰ প্ৰস্তাৱক অস্বীকাৰ কৰে । যোৱা ১১ জানুৱাৰীত উচ্চতম ন্যায়ালয়েও তিনিখন কৃষি আইন ৰূপায়ণত স্থগিতাদেশ জাৰি কৰে আৰু বিষয়টো সমাধানৰ বাবে চাৰিজনীয়া পেনেল নিয়োগ কৰে ।

লগতে পঢ়ক:চেন্নাইত আয়কৰ বিভাগৰ অভিযানত উদ্ধাৰ ২২০ কোটি ক'লা ধন

For All Latest Updates

ABOUT THE AUTHOR

...view details