নেশ্যনেল ডেস্ক,২৪ জুলাই :দেশৰ ৰাজধানী দিল্লীত অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিয়ে শক্তিশালী ৰূপত শাসন চলাই থকা দেখা গৈছে । যাৰ বাবে কেন্দ্ৰত থকা বিজেপিয়েও আপক পৰাস্ত কৰিবলৈ সক্ষম হোৱা নাই । আনকি এইটো কাৰণে দিল্লী আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত বিভিন্ন সময়ত মনোমালিন্য হোৱা দেখা যায় । দিল্লী চৰকাৰেও কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযোগৰ আঙুলি তুলি আহিছে । এইবাৰ আপ চৰকাৰৰ আন এক গুৰুতৰ অভিযোগ মোডী চৰকাৰৰ বিৰুদ্ধে ।
কেন্দ্ৰীয় চৰকাৰে দিল্লী চৰকাৰৰ বন মহোৎসৱৰ কাৰ্যসূচী হাইজেক কৰাৰ চেষ্টা কৰিছে (Centre tried to hijack Van Mahotsav event of Delhi government)। এই অভিযোগ দিল্লী চৰকাৰৰ বনমন্ত্ৰী গোপাল ৰায়ৰ । তেওঁৰ অভিযোগ দিল্লী চৰকাৰৰ উক্ত কাৰ্যসূচীত দিল্লী আৰক্ষীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পোষ্টাৰ লগাইছিল । যাৰ বাবে কেজৰিৱাল চৰকাৰৰ উদ্যোগত আয়োজিত অনুষ্ঠানটো নৰেন্দ্ৰ মোডীৰ বাবে এক ৰাজনৈতিক অনুষ্ঠানলৈ পৰিণত হয় । সেয়েহে উক্ত অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী আৰু তেওঁ অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে ।
উল্লেখ্য যে আম আদমী চৰকাৰৰ উদ্যোগত আয়োজিত বন মহোৎসৱৰ দেওবাৰে অন্ত পৰিব । য'ত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু ৰাজ্যপাল উপস্থিত থকাৰ কথা আছে । বনমন্ত্ৰীগৰাকী টুইটযোগে ক্ষোভ প্ৰকাশ কৰি কয় যে অনুষ্ঠানৰ পূৰ্বে অতি দুৰ্ভাগ্যজনক যোৱা নিশা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশত আৰক্ষীয়ে চৰকাৰী কাৰ্যসূচীক এক ৰাজনৈতিক কাৰ্যসূচীলৈ ৰূপান্তিৰত কৰিছে ।