অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাৰ ব্ৰু শৰণাৰ্থীলৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পুঁজি - কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

কেইবাদশক ধৰি শৰণাৰ্থী শিবিৰত থকা ত্ৰিপুৰাৰ ব্ৰু জনগোষ্ঠীৰ লোকসকলক ইতিমধ্যে স্থায়ী বাসস্থানলৈ স্থানান্তৰ কৰিছে ত্ৰিপুৰা চৰকাৰে । এইবাৰ কেন্দ্ৰীয় চৰকাৰেও তেওঁলোকৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁলোকৰ বাবে বিশেষ পুঁজি ঘোষণা কৰিছে চৰকাৰে ।

Special Fund for Bru people
ত্ৰিপুৰাৰ ব্ৰু শৰণাৰ্থীসকললৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পুঁজি

By

Published : Sep 12, 2021, 1:26 PM IST

আগৰতলা, ১২ ছেপ্টেম্বৰ :ইতিমধ্যে ত্ৰিপুৰাৰ উচ্ছেদিত ব্ৰু জনগোষ্ঠীৰ লোকসকলক (Bru people) চৰকাৰে স্থায়ী ঘৰলৈ স্থানান্তৰ কৰিছে । সমান্তৰালকৈ ব্ৰু লোকসকলৰ বাবে আন এক ভাল খবৰ । এইবাৰ কেন্দ্ৰীয় চৰকাৰে ব্ৰু জনগোষ্ঠীৰ লোকসকলৰ বাবে বিশেষ পুঁজি ঘোষণা কৰিছে । কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ বাবে ৬০০ কোটি টকাৰ বিশেষ আঁচনি ঘোষণা কৰিছে ।

ত্ৰিপুৰাৰ ব্ৰু শৰণাৰ্থীসকললৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পুঁজি

ৰাজ্য চৰকাৰৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে প্ৰায় ৬,৯৫৯ টা পৰিয়ালে অন্ত্যোদয় আঁচনিৰ (Antyodaya Yojana) অধীনত চৰকাৰী বিশেষ সুবিধা লাভ কৰিব । বিষয়াগৰাকীয়ে জনোৱা মতে ব্ৰু শৰণাৰ্থীসকলৰ (Bru refugees) অৰ্থনৈতিক উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক অন্তোদয় আঁচনিৰ অধীনলৈ অনাৰ এক প্ৰস্তাৱত অনুমোদন জনাইছে ।

শেহতীয়াকৈ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে (Biplab Kumar Deb) কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ (Amit Shah) সৈতে হোৱা বৈঠকত বিষয়টো উত্থাপন কৰিছিল আৰু শ্বাহে বিষয়টোত সন্মতি প্ৰদান কৰিছে ।

এই আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালে প্ৰতি কিল’গ্ৰামত ২ টকাকৈ ৩৫ কিল’গ্ৰাম চাউল লাভ কৰিব । ইয়াৰ উপৰিও তেওঁলোকে প্ৰতিবাৰে ৫ কিল’গ্ৰাম চাউল অতিৰিক্তকৈ পাব । বিষয়াগৰাকীৰ মতে শৰণাৰ্থী শিবিৰত কেইবা দশক অতিবাহিত কৰাৰ পাছত স্থায়ী বসতিলৈ উভতি অহা এই উচ্ছেদিত পৰিয়ালবোৰৰ বাবে এই আঁচনি যথেষ্ট লাভজনক হ'ব ।

বিষয়াগৰাকীৰ মতে কেন্দ্ৰীয় চৰকাৰে জনজাতীয় লোকসকলৰ জীৱনধাৰণৰ মানদণ্ড উন্নত কৰাত গুৰুত্ব দিছে । কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Union Finance Minister Nirmala Sitharaman) শেহতীয়াকৈ জনজাতীয় কল্যাণৰ (tribal welfare) বাবে ১৩০০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল আৰু ইতিমধ্যে প্ৰথম কিস্তি হিচাপে ৪৯৩ কোটি টকা মুকলি কৰি দিয়া হৈছে ।

লগতে পঢ়ক :তৃতীয় পৰ্যায়ৰ লোক আদালতত অভিলেখ সংখ্যক গোচৰৰ নিষ্পত্তি

ABOUT THE AUTHOR

...view details