আগৰতলা, ২৬ ছেপ্টেম্বৰ :ত্ৰিপুৰাত স্থাপন হ'ব এটা নতুন ষ্টীল ষ্টকয়াৰ্ড । এই ঘোষণা ভাৰতৰ তীখা মন্ত্ৰী ৰাম চন্দ্ৰ প্ৰসাদ সিঙৰ । শুকুৰবাৰে ত্ৰিপুৰাৰ এখন ব্যক্তিগত হোটেলত সংবাদমেল সম্বোধন কৰি অৰ্থনৈতিক ক্ষেত্ৰ হিচাপে ঘোষণা কৰা ত্ৰিপুৰাৰ চাবৰুমত ষ্টীল ষ্টকয়াৰ্ড স্থাপনৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে । ত্ৰিপুৰাৰ বহু শীৰ্ষ বিষয়াৰ সৈতে উচ্চ পৰ্যায়ৰ এক বৈঠকত মিলিত হৈছে মন্ত্ৰীগৰাকী ।
বৈঠকতে ত্ৰিপুৰাৰ উন্নয়নৰ বিষয়সমূহ আলোচনা কৰা হৈছে আৰু অনাগত দিনত তীখাৰ প্ৰয়োজনীয়তাৰ কথা চিন্তা কৰি ষ্টকয়াৰ্ড স্থাপনৰ সিদ্ধান্ত লোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । মন্ত্ৰী সিঙৰ মতে বাংলাদেশৰ সৈতে ৰাজ্যখনক সংযোগ কৰিবলৈ নতুন পথ মুকলি কৰা হ'ব আৰু চিটাগং বন্দৰৰ প্ৰৱেশাধিকাৰ সহজ কৰা হ'ব ।
আন্তঃগাঁথনিৰ ক্ষেত্ৰত যিহেতু তীখা অতি গুৰুত্বপূৰ্ণ উপাদান সেয়ে ৰাজ্যখনত ষ্টকয়াৰ্ডৰ আৱশ্যকতাৰ কথা চিন্তা কৰিছে ষ্টীল অথৰিটি অৱ ইণ্ডিয়াই (SAIL)। মন্ত্ৰীগৰাকীৰ মতে বিষয়টো এতিয়াও আলোচনাৰ মাধ্যমত আছে । এই সন্দৰ্ভত যিকোনো প্ৰতিশ্ৰুতি দিয়াৰ পূৰ্বে এক পুংখানুপুংখ অধ্যয়ন কৰাৰ প্ৰয়োজন বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।