নেশ্যনেল ডেস্ক, 9 জুলাই:পশ্চিম বংগৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা বুথ কেন্দ্ৰত সোমবাৰে পুনৰ অনুষ্ঠিত হ’ব ভোট গ্ৰহণ ৷ দেওবাৰে পশ্চিম বংগৰ ৰাজ্যিক নিৰ্বাচনী আয়োগে সদৰী কৰিছে এই কথা ৷ স্পৰ্শকাতৰ অঞ্চলত ১০০ শতাংশ কেন্দ্ৰীয় বাহিনী নিয়োজিত কৰিব সকলো জিলাৰ মুঠ ৬৯৬ টা বুথত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৷
যথেষ্ট সংখ্যক বুথত যে পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব সেই কথা শনিবাৰে সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পাচতে স্পষ্ট হৈ পৰিছিল ৷ ৰাজ্যিক নিৰ্বাচন আয়োগে কয় যে বহু ভোট কেন্দ্ৰত আনুষ্ঠানিক সময় সমাপ্ত হোৱাৰ পাচতো ভোটদান প্ৰক্ৰিয়া চলিছিল ৷ সেই সমূহতো সোমবাৰে পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব ৷
উল্লেখ্য যে একাধিক হিংসাত্মক ঘটনাৰ মাজৰে শনিবাৰে সম্পন্ন হ’ল পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ ৷ ৰাজ্যখনৰ বীৰভূমত পঞ্চায়ত ভোট গ্ৰহণ চলি থকাৰ মাজতে সূত্ৰপাত হয় হিংসাৰ ৷ ইটিভি ভাৰতৰ সাংবাদিককো আক্ৰমণ দুৰ্বৃত্তৰ ৷