অসম

assam

ETV Bharat / bharat

গ্ৰাহকৰ পৰা খাদ্যৰ বিলত সেৱা মাচুল ল'ব নোৱাৰিব ৰেষ্টুৰেন্টে - entral Consumer Protection Authority issued new rules

কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণে সোমবাৰে হোটেল বা ৰেস্তোঁৰাসমূহত স্বয়ংক্ৰিয়ভাৱে বা ভুলৱশতঃ খাদ্যৰ বিলত সেৱা মাচুল তথা ছাৰ্ভিছ ছাৰ্জ আদায় লোৱাত নিষেধাজ্ঞা জাৰি কৰিছে (Central Consumer Protection Authority issued new rules)৷

central-consumer-protection-authority-issued-new-rules-for-restaurants
গ্ৰাহকৰ পৰা খাদ্যৰ বিলত সেৱা মাচুল লগোৱাত নিষেধাজ্ঞা জাৰি

By

Published : Jul 5, 2022, 1:36 PM IST

নিউজ ডেস্ক, 5 জুলাই: হোটেল বা ৰেস্তোৰাঁত আপোনাৰ সঘনাই অহা-যোৱাৰ অভ্যাস আছে নেকি ? হোটেল বা ৰেস্তোঁৰাসমূহত অত্যাধিক ছাৰ্ভিছ টেক্স আৰোপ কৰাৰ ফলত নিৰ্ধাৰিত মূল্যতকৈ অত্যাধিক ধন ভৰিব লাগে গ্ৰাহকে ৷ এতিয়াৰ পৰা হোটেল বা ৰেস্তোৰাঁত খাদ্যৰ বিলত সেৱা মাচুল পৰিশোধ কৰিব নালাগে গ্ৰাহকে ৷

কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণে সোমবাৰে হোটেল বা ৰেস্তোঁৰসমূহত স্বয়ংক্ৰিয়ভাৱে বা ভুলৱশতঃ খাদ্যৰ বিলত সেৱা মাচুল তথা ছাৰ্ভিছ ছাৰ্জ লগোৱাত নিষেধাজ্ঞা জাৰি কৰে (Central Consumer Protection Authority issued new rules)৷ একাংশ অসাধু হোটেল অথবা ৰেস্তোঁৰাৰ স্বত্বাধিকাৰীয়ে উপভোক্তাৰ এই অধিকাৰক উলংঘন কৰিলে ইয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰিব বুলি জাননীখনত উল্লেখ আছে (New rules for restaurants) ৷

এই জাননীৰ অধীনত ইয়াৰোপৰি খাদ্যৰ বিলত যোগ দি ওপৰিঞ্চি মুঠ বিলত জিএছটি (GST) লৈ সেৱা মাচুল লব নোৱাৰিব ৷ যদি কোনোবাই ভুলৱশতঃ সেৱা মাচুল গ্ৰাহকৰ পৰা বিচাৰে তেন্তে বিলৰ পৰা সেৱা মাচুল আঁতৰাবলৈ অনুৰোধ কৰিব পাৰিব ৷

ইয়াৰ সমান্তৰালকে ইয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ গ্ৰাহকে ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইন এন চি এইছ মোবাইল এপ বা 1995ত নম্বৰত ফোনযোগে জনাব পাৰিব ৷

লগতে পঢ়ক :যোৰহাটত বহিৰাগত বণিয়াৰ অতপালি

For All Latest Updates

ABOUT THE AUTHOR

...view details