নিউজ ডেস্ক, 11 অক্টোবৰ : উচ্চতম ন্যায়ালৰ কলেজিয়ামৰ অনুমোদন সাপেক্ষে কেন্দ্ৰীয় চৰকাৰে 7 খনকৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক বদলি কৰাৰ জাননী প্ৰেৰণ কৰিছে ৷ সেই অনুসৰি-
1. ন্যায়াধীশ ৰঞ্জন গুপ্তাক পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ পৰা পাটনা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে ৷
2. ন্যায়াধীশ টি.এছ শিৱগননাম মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ পৰা কলকাতা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে ৷
3. ন্যায়াধীশ সুৰেশ্বৰ ঠাকুৰক হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ পৰা পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে ৷
4. ন্যায়াধীশ পি বি বজন্থ্ৰীক কৰ্ণাটকৰ পৰা পাটনা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে ৷
5. ন্যায়াধীশ সঞ্জীৱ প্ৰকাশ শৰ্মাক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ পৰা পাটনা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে ৷
6. ন্যায়াধীশ টি অমৰনাথ গৌড়ক তেলাংগানা উচ্চ ন্যায়ালয়ৰ পৰা ত্ৰিপুৰা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে ৷
7. ন্যায়াধীশ সুভাষ চান্দক এলাবাদ উচ্চ ন্যায়ালয়ৰ পৰা ঝাড়খণ্ড উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে ৷
কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেণ ৰিজিজুৱে টুইটযোগে বিচাৰকসকলৰ বদলিৰ কথা সদৰি কৰে ৷
যোৱা 5 অক্টোবৰত কেন্দ্ৰই 15 গৰাকী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক বদলিৰ জাননী প্ৰেৰণ কৰিছিল ৷ 9 অক্টোবৰত কেন্দ্ৰই 13 খন উচ্চ ন্যায়ালয়ত নতুন মুখ্য ন্যায়াধীশ নিযুক্তিৰ জাননী জাৰি কৰিছিল ৷
লগতে পঢ়ক :আন্তঃৰাষ্ট্ৰীয় শিশু কন্যা দিৱস : গ্ৰামাঞ্চলত এতিয়াও চলি আছে বাল্য বিবাহ